অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত জৈছ-এ-মহম্মদৰ দুই সহযোগী গ্ৰেপ্তাৰ - জম্মু-কাশ্মীৰত

জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত অস্ত্ৰ-শস্ত্ৰ মজুত ৰখা আৰু সৰবৰাহ কৰাৰ অভিযোগত জৈছ-এ-মহম্মদৰ দুই সহযোগীক গ্ৰেপ্তাৰ। দুয়োৰে পৰা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে।

জম্মু-কাশ্মীৰত জৈছ-এ-মহম্মদৰ দুই সহযোগী গ্ৰেপ্তাৰ
জম্মু-কাশ্মীৰত জৈছ-এ-মহম্মদৰ দুই সহযোগী গ্ৰেপ্তাৰ

By

Published : Nov 21, 2020, 5:07 PM IST

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ: জম্মু-কাশ্মীৰ আৰক্ষীয়ে শনিবাৰে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ দুটা সহযোগীক গ্ৰেপ্তাৰ কৰে। অস্ত্ৰ-শস্ত্ৰ মজুত ৰখা আৰু সৰবৰাহ কৰাৰ অভিযোগত আৱন্তীপুৰাৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ধৃত সহযোগী দুটা ৱগড় ত্ৰাল নিবাসী বিলাল আহমেদ চোপান আৰু চটলাম পাম্প'ৰে নিবাসী মুৰ্ছালীন বশিৰ শ্বেইখ।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পাম্প'ৰে আৰু ৱগড় ত্ৰাল অঞ্চলত দুয়োৱে সামগ্ৰী যোগান ধৰাৰ লগতে সন্ত্ৰাসবাদীক আশ্ৰয় দি আহিছিল। লগতে মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও সন্ত্ৰাসবাদীক যোগান ধৰিছিল । গোপনীয় তথ্যও সন্ত্ৰাসবাদীক দিছিল এই দুই সহযোগীয়ে। বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীয়ে দুয়োৰে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক:গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে

ABOUT THE AUTHOR

...view details