নেশ্য়নেল ডেস্ক,26 ডিচেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণাত শুকুৰবাৰে 10.3 লাখ টকাৰ গুটখা জব্দ কৰে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ৷ কলকাতাৰ পৰা ভুয়ুৰু চহৰলৈ নি থকা অৱস্থাতে জব্দ কৰা হয় গুটখাখিনি ৷
গুডিৱাড়াৰ উপ আৰক্ষী অধীক্ষক সত্যনন্দনে জনোৱা মতে,পামাৰুৰ চিআই কিশোৰ বাবু,এছআই শ্ৰীহৰি বাবু আৰু তেওঁলোকৰ নেতৃত্বত এটা দলে গোপন তথ্য়ৰ ভিত্তিত এখন ট্ৰাকৰ পৰা 10 লাখতকৈও অধিক মূল্যৰ গুটখা আৰু 2 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ উড়িষাৰ গণেশ নামৰ এজন সৰবৰাহকাৰীয়ে কলকাতাৰ পৰা ভুয়ুৰুলৈ লৈ গৈ আছিল সামগ্ৰীসমূহ ৷ ভুয়ুৰু চহৰত গাঞ্জা ক্ৰয় কৰা লোকজনৰ লগতে সৰবৰাহকাৰী গণেশক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷