নেশ্যনেল ডেস্ক,১২ জুন :এয়াৰএছিয়া ইণ্ডিয়াৰ যাত্ৰীসকলৰ বাবে এক উদ্বেগজনক খবৰ । এয়াৰএছিয়া বিমানৰ কাৰিকৰী বিজুতিৰ বাবে গন্তব্য স্থান গৈ নাপালে একাংশ যাত্ৰী । মাজ আকাশৰ পৰাই যাত্ৰা আৰম্ভ কৰা স্থানলৈ উভতিল বিমান । মাত্ৰ ৬ ঘণ্টাৰ ভিতৰত দিল্লীৰ পৰা শ্ৰীনগৰ যাবলগীয়া এয়াৰএছিয়াৰ দুখনকৈ বিমানৰ কাৰিকৰী বিজুতি (Technical snag of 2 AirAsia flights)। যাৰ ফলত এয়াৰএছিয়াৰ A320ৰ দুয়োখন বিমানেই উৰণৰ পাছতে পুনৰ উভতি আহিবলগীয়া হয় দিল্লীলৈ ।
উল্লেখ্য যে শনিবাৰে প্ৰথমে VT-APJ পঞ্জীয়ন নম্বৰৰ I5-712 বিমানখন পুৱা প্ৰায় ১১.৫৫ মিনিটত দিল্লীৰ পৰা শ্ৰীনগৰলৈ উৰা মাৰে । বিমানখনৰ উৰণৰ প্ৰায় ৩০ মিনিট সময় পাছতে পাইলটে ঘোষণা কৰে যে বিমানখন কাৰিকৰী বিজুতিৰ সন্মুখীন হৈছে । সেয়ে সকলো যাত্ৰীৰ সৈতে সুৰক্ষিতভাৱে বিমানখন পুনৰ দিল্লীলৈ উভতি আহে (AirAsia flight return to Delhi due to technical snag)। প্ৰায় ১.৪৫ মিনিটত বিমানখন সফলভাৱে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে ।
আৱদ্ধ যাত্ৰীসকলক শ্ৰীনগৰলৈ লৈ যোৱাৰ বাবে এয়াৰ এছিয়াই এইবাৰ আন এখন A320 বিমানৰ ব্যৱস্থা কৰে । কাৰিকৰী বিজুতি হোৱা I5-712 নম্বৰৰ বিমানখনৰ যাত্ৰীসকলক শ্ৰীনগৰলৈ এইবাৰ VT-RED পঞ্জীয়ন নম্বৰৰ বিমানখনত লৈ যোৱাৰ ব্যৱস্থা কৰা হয় । দ্বিতীয় বিমান শ্ৰীনগৰলৈ উৰা মাৰে যদিও উৰণৰ কিছু সময় পাছত পুনৰ কাৰিকৰী বিজুতিৰ কথা ঘোষণা কৰে পাইলটে (AirAsia A320 aircraft technical snag)। যাৰ বাবে দিল্লীলৈ দ্বিতীয়খন বিমানো উভতি আহিবলগীয়া হয় । সন্ধিয়া প্ৰায় ৫.৩০ বজাত দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে বিমানখনে অৱতৰণ কৰে ।