আইজল, 16 মে’: সমগ্ৰ দেশৰ লগতে মিজোৰামতো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ স্বাস্থ্য বিভাগে জনোৱা মতে, ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা 8499 জনলৈ বৃদ্ধি পাইছে । যোৱা ১4 মে'ত মিজোৰামত 123 জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় ।
ইফালে জ’ৰাম মেডিকেল কলেজ হাস্পতালৰ আৰটিপিচিআৰ গৱেষণাগাৰত কৰা 338 টা নমুনা পৰীক্ষাত 38 গৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ টুৰু এনইটি গৱেষণাগাৰত কৰা 141 টা নমুনা পৰীক্ষাত 6 গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ আনহাতে আৰএজিটি পৰীক্ষাগাৰে সম্পন্ন কৰা নমুনা পৰীক্ষণত 1182 গৰাকী লোকৰ ভিতৰত 79 গৰাকী লোকৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ 14 মে’ত ৰাজ্যখনত সৰ্বমুঠ 1161 গৰাকী লোকক কৰ’ণা পৰীক্ষা কৰোৱা হৈছিল ৷