নিউজ ডেস্ক, ১২ মে' : ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত (1971 india pakistan war) শত্ৰু বাহিনীক ধৰাশায়ী কৰা কৰা আৰু তেওঁলোকৰ বহুতো টেংক মাটিত মিহলি কৰাৰ বাবে বিখ্যাত টি-৫৫ টেংকে বৰ্তমান মিৰাট মহাবিদ্যালয়ত নতুন ঠিকনা লাভ কৰিছে (1971 india pakistan war T55 tank) । সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণৰ পিছৰে পৰা এই টেংক পুনেত আছিল । তাৰ পিছত বৰ্তমান ইয়াক মিৰাট মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে । অৱশ্যে যদিও এই টেংকটো মিৰাট মহাবিদ্যালয়ৰ প্ৰতিৰক্ষা অধ্যয়ন বিভাগৰ শিক্ষাৰ্থীসকলৰ বাবে অতি উপযোগী, তথাপি আন শিক্ষাৰ্থী তথা চহৰবাসীৰ বাবেও ই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে (T55 tank kept in meerut college) ।
১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত পাকিস্তানী সেনাৰ সৈতে যুঁজ দিয়া বিখ্যাত টি-৫৫ টেংকটোৱে এতিয়া মিৰাট মহাবিদ্যালয়ত এক সুকীয়া পৰিচয় লাভ কৰাৰ লগতে অধিক বিখ্যাত হৈ পৰিছে (india pakistan war T55 tank in meerut college) । টেংকটো পুনেৰ পৰা আনি মিৰাট মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ ওচৰত স্থাপন কৰা হৈছে । এই টেংকটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চহৰখনক সেনাৰ সাহসিকতাৰ বাৰ্তা প্ৰদান কৰিছে । উল্লেখনীয় যে কাৰ্গিল যুদ্ধৰ সৈতে জড়িত বিজয়ন্ত টেংক ইতিমধ্যেই মিৰাট মহাবিদ্যালয়ত আছে । এই টেংকে সেনাৰ সাহসিকতাৰ কাহিনী প্ৰকাশ কৰি আহিছে । বৰ্তমান মহাবিদ্যালয়খনত ভাৰতীয় সেনাৰ যুদ্ধ স্মৃতিৰ দুটা টেংক আছে (Vijayant Tank of Kargil war) ।
মিৰাট মহাবিদ্যালয়ৰ অধ্যক্ষ অঞ্জলি মিট্টালে এই সন্দৰ্ভত কয়, "ইতিমধ্যে বিজয়ন্ত টেংকে আমাৰ মহাবিদ্যালয়ক গৌৰৱান্বিত কৰি তুলিছে আৰু এতিয়া মহাবিদ্যালয়খনত টি-৫৫ টেংক স্থাপন কৰা হৈছে ।" তেওঁ কয় যে ইয়াৰ মহিমা এনেদৰে বুজিব পাৰি যে এই টেংকটো স্থাপন কৰিবলৈ ৪ টা ক্ৰেন ব্যৱহাৰ কৰিবলগা হৈছিল । "এইটো মিৰাট মহাবিদ্যালয় আৰু সমগ্ৰ মিৰাটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু আমি গৌৰৱ অনুভৱ কৰি আছোঁ । এই টেংকটো মহাবিদ্যালয়লৈ আনি স্থাপন কৰা হৈছে যাতে সকলো শিক্ষাৰ্থী ইয়াৰ দ্বাৰা উৎসাহিত হয় ।" তেওঁ লগতে কয় ।
আনহাতে, প্ৰতিৰক্ষা অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ হেমন্ত পাণ্ডেয়ে কয় যে ভাৰত-পাক যুদ্ধত শত্ৰু সেনাৰ টেংক মাটিৰ লগত মিহলি কৰি পেলোৱা টি-৫৫ টেংকটো ইয়াত স্থাপন কৰাটো কেৱল মিৰাট মহাবিদ্যালয়ৰ বাবেই নহয়, চহৰখনৰ বাবেও গৌৰৱৰ বিষয় । ডঃ হেমন্ত কুমাৰ পাণ্ডেয়ে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে যে ৰাছিয়াত নিৰ্মিত টেংকটো ১৯৬৮ চনত ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল । তাৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ পৰা ২৫৫ টা টেংক ক্ৰয় কৰিছিল । এইটো তাৰে মাজৰ এটা ।