নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ:উত্তৰ প্ৰদেশত, ফাকুৱা উদযাপনৰ দিনটোত ১৮ টাকৈ হত্যাকাণ্ড সংঘটিত হয় । প্ৰেম আৰু ভাতৃত্ববোধৰ ৰঙীণ উৎসৱত ৰাজ্যখনত তেজৰ ফাকুৱা খেলিলে একাংশ লোকে । বাৰাণসী, আজমগড়, বৰেলী, আগ্ৰাকে ধৰি ৰাজ্যখনত ১৮ টা হত্যাৰ ঘটনা সংঘটিত হয় ।
বাৰাণসীত তিনিটা স্থান ফাকুৱাৰ দুটা দিনতে সংঘৰ্ষৰ সৃষ্টি হয় আৰু দুটাকৈ হত্যাৰ ঘটনা পোহৰলৈ আহে । হোলীকা দহণৰ নিশা বাৰাণসীৰ মিৰ্জামুৰাদ আৰক্ষী থানা অঞ্চলত কিছুমান দুষ্কৃতিকাৰীয়ে গুলীবৰ্ষণ কৰাৰ সময়ত এজন ১৬ বছৰীয়া কিশোৰ নিহত হয় । ঘটনাটোত ৮ বছৰীয়া কিশোৰীকে ধৰি এজন যুৱক গুৰুতৰভাৱে আহত হয় । দ্বিতীয়টো ঘটনা চৌবপুৰ আৰক্ষী থানাৰ বাৰী গাঁৱত সংঘটিত হয় । ঘৰৰ বাহিৰত কাজিয়া কৰি থকা একাংশ যুৱকক গাওঁখনৰ বিডিচি ৰাজু ৰাজভাৰে বাধা প্ৰদান কৰিছিল । পিছত সন্ধিয়া দুস্কৃতিকাৰীয়ে ঘৰত প্ৰৱেশ কৰি ৰাজু ৰাজভাৰক প্ৰহাৰ কৰিছিল আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ।
আগ্ৰাৰ জগদীশপুৰ অঞ্চলত ফাকুৱাৰ নিশা এগৰাকী ৬৫ বয়সীয়া বৃদ্ধ মহিলাক নিৰ্মমভাৱে হত্যা কৰা হয় । ঘৰৰ বাহিৰত ফাকুৱা খেলা আৰু সুৰাপান কৰা কাৰ্যক বাধা দিয়াৰ বাবে ঘৰত প্ৰৱেশ কৰি মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।
উত্তৰ প্ৰদেশৰ ত্ৰিস্তৰীয় পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আজমগড় জিলাৰ বৰহদ আৰক্ষী থানাৰ আসৌৰ চোনহৰা গাঁৱত ফাকুৱাৰ দিনা অনিল যাদৱক লাঠিৰে প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় । ঘটনা সন্দৰ্ভত প্ৰাক্তন গাওঁবুঢ়াসহ ৯ গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । গাওঁখনৰ গাওঁবুঢ়া নিৰ্বাচনৰ বাবে তেওঁ এসপ্তাহ আগতে গাওঁলৈ উভতি আহিছিল আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে মন মেলিছিল ।
মেৱাটি অঞ্চলত ঘৰত প্ৰৱেশ কৰি একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ফলত প্ৰাপ্তবয়স্ক এগৰাকী মহিলাৰ মৃত্যু হয় । মহিলাগৰাকীৰ পৰিয়ালে ৭ জন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
চান্দাউলিত, ববুড়ি আৰক্ষী থানা অন্তৰ্গত হাৰ্ডিকা গাঁৱত ফাকুৱাত ডিজেৰ বজোৱাকলৈ দুটা পক্ষৰ মাজত বিতৰ্কৰ সৃষ্টি হয় আৰু এই ঘটনাত অৰ্জুন প্ৰসাদ নামৰ লোক এজন নিহত হয় আৰু কেইবাগৰাকী আহত হয় । বৰ্তমান, আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে দুয়োটা পক্ষত এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰটোৰ তদন্ত আৰম্ভ কৰিছ ।