আগৰতলা, ২০ নৱেম্বৰ :এএক অনাকাংখিত ঘটনা ক্ৰমে মিজোৰামৰ ব্ৰু প্ৰৱজনকাৰী লোকসকলে(Bru displaced people of Mizoram ) বাস কৰি থকা ত্ৰিপুৰাৰ হামচাপাৰা শিবিৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত কমেও ১৮ টাকৈ অস্থায়ী ঘৰ ভস্মিভূত হয় ।
হামচাপাৰা সাহায্য শিবিৰটো ত্ৰিপুৰাৰ উত্তৰ জিলাৰ পানীসাগৰ উপ-সংমণ্ডলৰ অধীনত অৱস্থিত । নাম উল্লেখ কৰিব নিবিচৰা এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ইটিভি ভাৰতক অৱগত কৰা মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছিল । তেওঁ কয়," শিবিৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৮ টা অস্থায়ী ঘৰ জ্বলি গৈছিল ৷ জুই বিয়পি পৰাৰ পৰা ৰক্ষা কৰাৰ বাবে ওচৰৰ কেইটামান ঘৰ ভাঙিও পেলোৱা হয় ৷"
তেওঁ কয় যে, এই ঘটনাত কোনো লোক আঘাত বা মৃত্যুৰ কোনো খবৰ পোৱা হোৱা নাই । তেওঁ জনাইছিল যে স্থানীয় প্ৰশাসন আৰু আৰক্ষী অধিক প্ৰমাণৰ সন্ধানত ঘটনাস্থলীত আছে ।