নিউজ ডেস্ক, 28 ডিচেম্বৰ:হাৰিয়ানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ৷ ৰাজ্যখনৰ কৰ্ণালৰ পিংগালী গাঁৱত এজন যুৱকে আত্মহত্যা কৰাৰ তথ্য বিয়পি পৰাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি তীব্ৰ চাঞ্চল্যৰ(Youth committed suicide in Haryana) । মূৰৰ চুলি অত্যাধিক পৰিমাণে সৰাৰ বাবে যুৱকজনে আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বুলি জানিব পৰা হৈছে ৷ মৃত যুৱকজন গাঁওখনৰেই বাসিন্দা ১৭ বছৰীয়া পংকজ বুলি চিনাক্ত কৰা হৈছে(17 years old youth committed suicide) ৷
যুৱকজনৰ মৃত্যুৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কল্পনা চাওলা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । পংকজৰ পৰিয়ালৰ পৰা জানিব পৰা মতে, পিংগালী গাঁৱৰ বাসিন্দা পংকজ দুগৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ আছিল । মূৰৰ চুলি সৰা সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছিল পংকজ ৷ অত্যাধিক চুলি সৰা সমস্যাৰ বাবে তেওঁ মানসিক চাপতো ভুগিছিল(Suicide case in Haryana) ৷
পংকজৰ পৰিয়ালৰ লোকো তেওঁৰ মানসিক অৱস্থাক লৈ শংকিত হৈ পৰিছিল ৷ পংকজৰ পৰিয়ালৰ লোকে তেওঁৰ লগত এই বিষয়ে আলোচনা কৰাৰ লগতে কাউন্সেলিঙো কৰাইছিল ৷ কিন্তু তেওঁ যে চুলি সৰা সমস্যাক লৈ এনে চৰম পন্থা গ্ৰহণ কৰিব পাৰে, পৰিয়ালৰ লোকৰ বাবে এয়া সপোনৰো অগোচৰ আছিল ৷ কিন্তু পংকজে এই চৰম পন্থা বাছি লোৱাত পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷