অসম

assam

By

Published : Mar 17, 2021, 6:12 PM IST

ETV Bharat / bharat

16 শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ: এডিআৰ

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) ৰ প্ৰতিবেদন অনুসৰি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ ভিতৰত 16 শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধমূলক গোচৰ ৷ 264 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 259 গৰাকী প্ৰাৰ্থীৰ শপতনামা বিশ্লেষণ কৰিছে আছাম ইলেকশ্যন ৱাটছ আৰু এডিআৰে ৷

16 pc candidates in phase 1 of assam assembly polls face criminal cases adr
criminals in Assam polls

নেচনেল ডেস্ক,17 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া 16 শতাংশ প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে ৷ এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ(এডিআৰ) আৰু আছাম ইলেকশ্যন ৱাটছে প্ৰথম পৰ্যায়ত 264 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 259 গৰাকী প্ৰাৰ্থীৰ শপতনামা বিশ্লেষণ কৰিছে ৷ এডিআৰৰ মতে, ইতিমধ্যে বিশ্লেষণ কৰা 259 গৰাকী প্ৰাৰ্থীৰ 41 গৰাকী অৰ্থাৎ 16 শতাংশ প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকাৰ কথা ঘোষণা কৰাৰ লগতে 34 গৰাকী অৰ্থাৎ 13 শতাংশই তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ কথা ঘোষণা কৰিছে ৷ এডিআৰৰ প্ৰতিবেদন অনুসৰি 259 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 101 গৰাকী 39 শতাংশ প্ৰাৰ্থী হৈছে কোটিপতি ৷

প্ৰাৰ্থী সকলৰ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত প্ৰতিবেদনটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি 37 শতাংশ অৰ্থাৎ 97 গৰাকী প্ৰাৰ্থীয়ে নিজকে পঞ্চমৰ পৰা দ্বাদশ পৰ্যায়ৰ অৰ্হতা থকা বুলি ঘোষণা কৰাৰ পৰিৱৰ্তে 61 শতাংশ অৰ্থাৎ 157 গৰাকী প্ৰাৰ্থীয়ে নিজকে স্নাতক আৰু তাতকৈ উচ্চ পৰ্যায়ৰ অৰ্হতা থকা বুলি ঘোষণা কৰিছে ৷ চাৰিগৰাকী প্ৰাৰ্থীৰ ডিপ্ল'মা থকাৰ পৰিৱৰ্তে এগৰাকী প্ৰাৰ্থী কেৱল শিক্ষিত বুলি জানিব পৰা গৈছে ৷

প্ৰতিবেদনটোৰ মতে 26 শতাংশ অৰ্থাৎ 67 গৰাকী প্ৰাৰ্থীয়ে নিজৰ বয়স 25 ৰ পৰা 40 বছৰ বুলি ঘোষণা কৰাৰ পৰিৱৰ্তে 59 শতাংশ অৰ্থাৎ 153 গৰাকী প্ৰাৰ্থীয়ে নিজকে 41 ৰ পৰা 61 বছৰ বয়সৰ বুলি জানিবলৈ দিছে ৷ 15 শতাংশ অৰ্থাৎ 38 গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ বয়স 61 ৰ পৰা 70 বছৰৰ ভিতৰত বুলি জানিবলৈ দিয়াৰ বিপৰীতে এগৰাকী প্ৰাৰ্থীয়ে নিজৰ বয়স 85 বছৰ বুলি প্ৰকাশ কৰিছে ৷

জানিব পৰা মতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 10 শতাংশ অৰ্থাৎ প্ৰায় 25 গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ মুখ্য দলসমূহৰ ভিতৰত এডিআৰে বিশ্লেষণ কৰা প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছৰ 43 গৰাকী প্ৰাৰ্থীৰ 10 গৰাকী, অসম জাতীয় পৰিষদৰ 41 গৰাকী প্ৰাৰ্থীৰ 8 গৰাকী, বিজেপিৰ 39 গৰাকী প্ৰাৰ্থীৰ 3 গৰাকী, এনচিপি , অগপ আৰু এচইউচিআইৰ 1 গৰাকীকৈ প্ৰাৰ্থীয়ে তেওঁলোকৰ নিজৰ শপতনামাত নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকাৰ কথা স্বীকাৰ কৰিছে ৷

মন কৰিবলগীয়া যে, গুৰুতৰ অপৰাধমূলক গোচৰ সমূহ হৈছে পাঁচ বছৰৰো অধিক কাৰাবাসৰ জামিনবিহীন গোচৰ ৷ প্ৰতিবেদনটোৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি পাঁচ গৰাকী প্ৰাৰ্থীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্যৰ গোচৰত অভিযুক্ত বুলি প্ৰকাশ কৰিছে ৷ উক্ত পাঁচগৰাকী প্ৰাৰ্থীৰ এগৰাকী ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 376 ৰ অধীনত ধৰ্ষণৰ অভিযোগত অভিযুক্ত ৷

দুগৰাকী প্ৰাৰ্থী ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 302 ৰ অধীনত হত্যাৰ অভিযোগত অভিযুক্ত হোৱাৰ পৰিৱৰ্তে চাৰিগৰাকী প্ৰাৰ্থী ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 307 ৰ অধীনত হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত ৷

জানিব পৰা মতে, 47 টা বিধানসভা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি হৈছে ৰেড এলাৰ্ট সমষ্টি ৷ ৰেড এলাৰ্ট সমষ্টি হৈছে এনে সমষ্টি য'ত তিনিগৰাকী বা তাতোকৈ অধিক প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকাৰ কথা ঘোষণা কৰে ৷

প্ৰতিবেদনটোৰ মতে, "যিহেতু প্ৰত্যেক ৰাজনৈতিক দলেই পুৰণা অভ্যাস অনুসৰণ কৰি অপৰাধমূলক গোচৰত অভিযুক্ত 16 শতাংশ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ সেয়েহে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনোটো দলেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই" ৷

প্ৰাৰ্থীসকলৰ বিত্তীয় অৱস্থা সন্দৰ্ভত তথ্য প্ৰদান কৰি প্ৰতিবেদনত কয় যে, মুখ্য দলসমূহৰ ভিতৰত অগপৰ পৰা বিশ্লেষণ কৰা 10 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 9 গৰাকী, কংগ্ৰেছৰ 43 গৰাকী প্ৰাৰ্থীৰ 31 গৰাকী, বিজেপিৰ 39 গৰাকী প্ৰাৰ্থীৰ 28 গৰাকী, অসম জাতীয় পৰিষদৰ 41 গৰাকী প্ৰাৰ্থীৰ 15 গৰাকীয়ে তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ 1 কোটিৰো অধিক বুলি ঘোষণা কৰিছে ৷

প্ৰতিবেদনটোৱে প্ৰকাশ কৰা মতে, অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰে সম্পত্তিৰ গড় মূল্য 1.84 কোটি ৷ উল্লেখ্য যে 126 জনীয়া সদস্যৰ অসম বিধানসভা সমষ্টিৰ নিৰ্বাচন 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক:দুলীয়াজানত ভূপেশ বাঘেলৰ উপস্থিতত কংগ্ৰেছত যোগদান বিজেপি কৰ্মীৰ

ABOUT THE AUTHOR

...view details