অসম

assam

ETV Bharat / bharat

আফগানিস্তানৰ পৰা ভাৰতলৈ অহা ১৬ গৰাকীৰ দেহত Covid 19 - গুৰু গ্ৰন্থ চাহিব

ভাৰতীয় বায়ুসেনাৰ(Inian Air Force) বিমানেৰে আফগানিস্তান(Afghanistan)ৰ পৰা ভাৰতলৈ(India) স্থানান্তৰ কৰা মুঠ ৭৮ জন লোকৰ ভিতৰত ১৬ জনৰে দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ(Corona virus) ৰ অৱস্থিতি । মঙলবাৰে দিনৰ ১২ বজাত দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে আটাইকেইজন ব্যক্তিৰে ক'ভিড-১৯ পৰীক্ষা কৰোৱা হৈছিল ।

16 out of 78 Afghanistan evacuees test Covid positive
আফগানিস্তানৰ পৰা ভাৰতলৈ স্থানান্তৰ কৰা ১৬ জন ক'ভিডত আক্ৰান্ত

By

Published : Aug 25, 2021, 10:46 AM IST

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট: মহামাৰীৰ কবলত পৰিছে আফগানিস্তান(Afghanistan)ৰ পৰা ভাৰত(India)লৈ স্থানান্তৰিত কৰা লোক । তালিবানে ক্ষমতা নিজৰ হাতলৈ নিয়াৰ পাছতে অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰা আফগানিস্তান(Afghanistan)ৰ পৰা নিজ নিজ দেশৰ নাগৰিকক স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত(India) আদি দেশবোৰে । ভাৰতীয় বায়ুসেনাই বিমানেৰে আফগানিস্তানৰ পৰা ভাৰতলৈ মুঠ ৭৮ জন শিখ সম্প্ৰদায়ৰ লোকক স্থানান্তৰ কৰিছে । মঙলবাৰে দুপৰীয়া ১২ বজাত এই লোকসকল দিল্লী বিমানবন্দৰত উপস্থিত হয় ৷

বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত উক্ত লোকসকলৰ ক'ভিড-১৯ ৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল । বিমানত অহা ৭৮ জন লোকৰ ভিতৰত ১৬ জনৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ (Corona virus)ৰ অৱস্থিতি । আক্ৰান্ত লোকসকলৰ ভিতৰত আছে তিনিগৰাকী গ্ৰান্থী । তেওঁলোকে আফগানিস্তানৰ কাবুলৰ পৰা ঐতিহাসিক হাতেলিখা গুৰু গ্ৰন্থ চাহিবৰ চানেকি লৈ আহিছিল ৷

উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা অহা লোকসকলৰ বাবে ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইন বাধ্যতামূলক কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰী(Union Minister Hardeep Singh Puri), বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰুলীধৰণ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰ পি সিঙে মঙলবাৰে দিল্লী বিমানবন্দৰত কাবুলৰ পৰা অনা ধৰ্মীয় গ্ৰন্থখনৰ তিনিটাকৈ প্ৰতিলিপি গ্ৰহণ কৰে । হৰদ্বীপ সিং পুৰীয়ে টুইটযোগে জনায় যে, কাবুলৰ পৰা দিল্লীলৈ অনা গুৰু গ্ৰন্থ চাহিবৰ তিনি পবিত্ৰ স্বৰূপক প্ৰণাম জনাই তেওঁ ধন্য ।

আফগানিস্তানৰ পৰা ভাৰতীয় নাগৰিকসকলক জৰুৰীকালীনভাৱে স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ভাৰত চৰকাৰে । অশান্তজৰ্জৰ আফগানিস্তানৰ পৰা ভাৰতীয় নাগৰিকসকলক নিৰাপদে ভাৰতলৈ অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বায়ুসেনাই ৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা অহা লোকসকলক প্ৰি-বৰ্ডিং RTPCR পৰীক্ষাৰ পৰা ৰেহাই দিছে । অৱশ্যে বৰ্তমান আন্তৰ্জাতিক ভ্ৰমণকাৰীসকলৰ বাবে প্ৰি-ব’ৰ্ডিং RTPCR পৰীক্ষা বাধ্যতামূলক ।

লগতে পঢ়ক: এতিয়াৰে পৰা হোৱাটছএপৰ জৰিয়তে বুক কৰিব পাৰিব টীকাকৰণৰ এপইণ্টমেণ্ট

ABOUT THE AUTHOR

...view details