নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : হিংসাৰ পন্থা ত্যাগ কৰি মূল সূঁতিলৈ উভতি আহিছে বহু দূধৰ্ষ মাওবাদী কেডাৰ ৷ শনিবাৰে ছত্তীসগড়ৰ দান্তেৱাড়া আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ সন্মুখত আত্মসমৰ্পন কৰে 16 জনকৈ দূধৰ্ষ মাওবাদী কেডাৰে ৷ তাৰে দুজন কেডাৰৰ শিৰৰ মূল্য চৰকাৰে বান্ধি দিছিল 1লাখ টকাকৈ নগদ ধন ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই মাওবাদী কেডাৰ কেইজন কেইবাটাও হত্যাকাণ্ডৰ লগত প্ৰতক্ষ্য ভাৱে জড়িত আছিল ৷
মাওবাদী কেডাৰ কেইজনে মাওবাদীৰ আদৰ্শত হতাশ হৈ মূল সূতিলৈ ঘূৰি আহিছে বুলি দান্তেৱাড়া আৰক্ষীৰ অধীক্ষক অভিষেক পল্লৱে মন্তব্য কৰে ৷
উল্লেখ্য যে, মূল সূঁতিলৈ ঘূৰি অহা মাওবাদী কেডাৰ কেইজনক আৰক্ষীৰ নিৰিক্ষণত ৰখা হ’ব ৷ আৰক্ষীৰ ফালৰ পৰা আনকি তেওঁলোকৰ মানসিক বিকাশত পূৰ্ণ সহযোগ আগবঢ়াব বুলিও মন্তব্য কৰে দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে ৷
লগতে পঢ়ক :অখিলৰ মুক্তিৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ 'জেল ভৰো' কাৰ্যসূচী