নিউজ ডেস্ক, 26 নৱেম্বৰ :মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ 15 বছৰ উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বাইছ, মুখ্যমন্ত্ৰী একনাথ সিন্ধে আৰু উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে শ্বহীদ সেনা আৰু আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ দক্ষিণ মুম্বাইৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় চৌহদত শ্বহীদ স্মৃতিসৌধত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ এই উপলক্ষে মহাৰাষ্ট্ৰৰ মন্ত্ৰী মংগল প্ৰভাত লোধা, দীপক কেছাৰকাৰ, মহানগৰ আৰক্ষী অধীক্ষক বিবেক ফানছালকাৰকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে ৷
একনাথ সিন্ধেই এক্সৰ (টুইটাৰ) এটা পোষ্টত কয়, "26/11/2008 তাৰিখে মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা আৰক্ষী বিষয়া আৰু জোৱানসকলৰ স্মৃতিত মুম্বাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত চৌহদত স্থাপন কৰা আৰক্ষী স্মৃতিসৌধত মাল্যাৰ্পণেৰে চ্যেলুট তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ এই উপলক্ষে ৰাজ্যপাল ৰমেশ বাইছ, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, মুম্বাইৰ অভিভাৱক মন্ত্ৰী দীপক কেছাৰকাৰ, মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ অভিভাৱক মন্ত্ৰী মংগলপ্ৰভাত লোধা, আৰক্ষী সঞ্চালক প্ৰধান ৰজনীশ শেঠ আৰু মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানছালকাৰ উপস্থিত থাকে ৷"
উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে এক্সত এটা পোষ্টত কয়, "প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধাঞ্জলি আৰু 26/11ৰ ট্ৰেজেডীৰ মাজত নিস্বাৰ্থভাৱে আমাক ৰক্ষা কৰা বীৰসকলক প্ৰণাম... আপোনালোকৰ ত্যাগ চিৰদিনৰ বাবে সন্মানিত হ'ব...৷"