অসম

assam

ETV Bharat / bharat

Presidential Polls 2022: সন্মুখ সমৰত দ্ৰৌপদী মুৰ্মু আৰু যশোৱন্ত সিনহা - প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহা

আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মহাযুঁজ ৷ এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ মাজত ভোটযুদ্ধ ৷

Droupadi Murmu, Yashwant Sinha gear up for a face off
Droupadi Murmu, Yashwant Sinha gear up for a face off

By

Published : Jul 18, 2022, 8:12 AM IST

নেশ্যনেল ডেস্ক, 18 জুলাই:আজি অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত 15 তম ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential election 2022)৷ এন ডি এৰ প্ৰাৰ্থী তথা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু (NDA candidate Droupadi Murmu) আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ মাজত ভোটযুদ্ধ (Opposition candidate Yashwant Sinha )৷ এই ৰাষ্ট্ৰপতি নিৰ্বাচনত দেশৰ 4,800 গৰাকী সাংসদ আৰু বিধায়কে ভোটদান কৰিব ৷

বি জে ডি, ৱাই এছ আৰ চি পি, বি এছ পি, এ আই এ ডি এম কে, টি ডি পি, জে ডি(এছ), শিৰোমণি অকালি দল, শিৱসেনা আৰু জে এম এমৰ দৰে আঞ্চলিক দলসমূহৰ সমৰ্থনত মুৰ্মুৰ ভোটৰ অংশ প্ৰায় দুই-তৃতীয়াংশ হোৱাৰ সম্ভাৱনা আছে ৷ তেওঁ জয় লাভ কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে দলটোৱে ৷ এই নিৰ্বাচনত জয়লাভ কৰিলে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা জনজাতীয় সম্প্ৰদায়ৰ প্ৰথম গৰাকী মহিলা হ'ব দ্ৰৌপদী মুৰ্মু ৷

সংসদ ভৱন আৰু ৰাজ্যিক বিধান সভাত পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব(Presidential Election polling) ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশজুৰি 31 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ৷ এই নিৰ্বাচনত নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া হিচাপে নিযুক্তি প্ৰচাৰ ৰাজ্যসভাৰ মহাসচিব পি.চি. মোদী । বৃহস্পতিবাৰে ইয়াত ভোটগ্ৰহণ আৰু গণনাৰ বাবে সংসদ আৰু সকলো ৰাজ্যিক বিধানসভাত ব্যৱস্থা কৰা হৈছে (Presidential Polls 2022) ৷

এই নিৰ্বাচনত মুঠ ভোটৰ মূল্য হৈছে 10,86,431৷ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মুৰ্মুক সমৰ্থন কৰি তেওঁ এই নিৰ্বাচনত 6.67 লাখতকৈ অধিক ভোট লাভ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ৷ অহা 24 জুলাইত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হ'ব । অহা 21 জুলাইত ভোটগণনা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৷ পৰৱৰ্তী 25 জুলাইত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে শপত গ্ৰহণ কৰিব ৷

লগতে পঢ়ক :Presidential Election 2022: ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ

ABOUT THE AUTHOR

...view details