নিউজ ডেস্ক,৬ মাৰ্চ: দেশত এতিয়াও মাৰ যোৱা নাই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । দেশত প্ৰতিদিনে নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈ আহিছে । শেহতীয়াকৈ কৰ্ণাটকৰ একেখন বিদ্য়ালয়ৰে ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ৰাজ্যখনৰ কালাগী চহৰৰ কালাবুৰাগী চৰকাৰী হাইস্কুলৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰে । যোৱা ১ মাৰ্চত বিদ্যালয়খনৰ ২২ জন শিক্ষাৰ্থীৰ কৰ'ণা পৰীক্ষা কৰোৱা হৈছিল । তাৰে ভিতৰত ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰে ।
কৰ'ণাত আক্ৰান্ত আটাইকেইজন শিক্ষাৰ্থী কালাগী চহৰৰ সমীপৱৰ্তী গাঁৱৰ বুলি জানিব পৰা গৈছে । সম্প্ৰতি আটাইকেইজন শিক্ষাৰ্থীক নিজ নিজ ঘৰত আইছ’লেশ্যনত ৰখা হৈছে ৷ কিয়নো শিক্ষাৰ্থী কেইজনৰ দেহত পূৰ্বে কোনো ধৰণৰ কৰ’ণাৰ লক্ষণ দেখা দিয়া নাছিল । ইফালে, সোমবাৰলৈ বিদ্যালয় বন্ধ ৰখা হৈছে ।