নিউজ ডেস্ক, ১৮ আগষ্ট : ২০১৯ চনত দুটা গোটৰ মাজত সংঘৰ্ষৰ সময়ত জামছেদপুৰৰ ঘাঘিডিহ কেন্দ্ৰীয় কাৰাগাৰৰ (Ghaghidih Central Jail) এজন কয়দীক হত্যা কৰাৰ বাবে বৃহস্পতিবাৰে ঝাৰখণ্ডৰ পূব সিংভূম জিলাৰ এখন আদালতে পোন্ধৰজন লোকক মৃত্যুদণ্ডৰ আদেশ দিয়ে (15 people sentenced death by a court in Jharkhand)। অতিৰিক্ত জিলা ন্যায়াধীশ-৪ ৰাজেন্দ্ৰ কুমাৰ সিনহাৰ আদালতে উক্ত ১৫ জন লোকক ভাৰতীয় দণ্ড বিধিৰ (IPC sections 302) ধাৰা ৩০২ (হত্যা) আৰু ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত দোষী সাব্যস্ত কৰি ফাঁচিৰ ৰায় প্ৰদান কৰা বুলি জনাইছে অতিৰিক্ত চৰকাৰী অধিবক্তা ৰাজীৱ কুমাৰে ।
ইয়াৰ উপৰি, মনোজ সিঙৰ সঙ্গী সুমিত সিঙক গুৰুতৰভাৱে আঘাত কৰাৰ গোচৰত ৭ জন অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে (7 accused sentenced to 10 years)। উল্লেখ্য, মনোজ সিঙক ২৫ জুন ২০১৯ ত ঘাগিডিহ কেন্দ্ৰীয় কাৰাগাৰত আন বন্দীসকলে হত্যা কৰিছিল । এই সময়ছোৱাত মনোজ সিঙৰ সৈতে আন এজন বন্দী সুমিত সিঙো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
উল্লেখ্য, কাৰাগাৰত হত্যাৰ গোচৰটোৰ ওপৰত উচ্চ ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰিছিল । যৌতুকৰ বাবে নিৰ্যাতন আৰু পত্নী হত্যাৰ (dowry harassment and murder) অভিযোগত মনোজ সিঙক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল । কাৰাগাৰৰ ভিতৰত একনায়কত্ব চলোৱাৰ বাবে তেওঁক ২০১৯ চনৰ ২৫ জুনত প্ৰহাৰ কৰি হত্যা কৰা হয় । গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়াৰ সময়ত, অনুসন্ধানটোত ঘটনাটোৰ অপৰাধীসকলক চিনাক্ত কৰি পৰৱৰ্তী পদক্ষেপ লোৱা হয় । ইয়াৰ পিছত জামছেদপুৰ আদালতে বিষয়টোৰ ওপৰত নিজৰ ৰায় প্ৰদান কৰে ।
গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ ৰাজেন্দ্ৰ সিনহাৰ আদালতে শাস্তিৰ বিষয়টোৰ ওপৰত শুনানি প্ৰদান কৰি 15 জন অভিযুক্তক দোষী সাব্যস্ত কৰে আৰু দোষীকেইজনক মৃত্যুদণ্ড প্ৰদান কৰে । আহাতে, মনোজ সিঙৰ সহযোগী সুমিত সিঙক গুৰুতৰভাৱে আঘাত কৰা ৭ জন অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ড বিহা হয় ।