নিউজ ডেস্ক,২ মাৰ্চ:উচ্চতম ন্যায়ালয়ত বিশেষ আবেদন ১৪ বছৰ বয়সৰ ধৰ্ষণৰ ভুক্তভোগী এগৰাকী কিশোৰীৰ । কিশোৰীগৰাকীৰ গৰ্ভত থকা ২৬ সপ্তাহৰ ভ্ৰূণৰ গৰ্ভপাতৰ বাবে জনোৱা আবেদনৰ শুনানি আদালতে ৫ মাৰ্চলৈ স্থগিত কৰে ।
উল্লেখ্য যে হাৰিয়ানাৰ কৰ্ণাল জিলাৰ বাসিন্দা নাবালিকা গৰাকীয়ে তাইৰ ভ্ৰূণৰ গৰ্ভপাত কৰিবলৈ অনুমতি বিচাৰি উচ্চতম আদালতত আবেদন দাখিল কৰিছিল । কিন্তু আদালতে নাবালিকাগৰাকীৰ শাৰীৰিক আৰু মানসিক চিকিৎসা মূল্যায়নৰ বাবে প্ৰয়োজন থকাৰ কথা উল্লেখ কৰে । তথ্য অনুসৰি নাবালিকাগৰাকীক তাইৰ এগৰাকী আত্মীয়ই ধৰ্ষণ কৰাৰ ফলত তাই গৰ্ভৱতী হৈছিল । ধৰ্ষণ কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে এক এজাহাৰো দাখিল কৰা হৈছে ।