নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী:মধ্যপ্ৰদেশৰ ছিধিত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা (MP Sidhi Accident) ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে ৰৈ থকা দুখনকৈ বাছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে, দুৰ্ঘটনাটোৰ ফলত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০ জন লোক গুৰুতৰভাৱে আহত হয় (Road accident in Madhya Pradesh) ।
বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ৰেৱা-সতনা সীমান্তস্থিত মোহনীয়া টানেলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত হৈ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । লগতে আহতসকলৰ উন্নত চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰাৰ বাবে স্থানীয় প্ৰশাসনক দিলে নিৰ্দেশনা ৷
আহতসকলক তৎকালীন চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা লোকসকলক কঢ়িয়াই বাছ দুখন আহি আছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই উল্লেখ কৰা অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনে বাছ দুখনত ইমানেই জোৰেৰেই মহতিয়াইছিল যে, ইয়াৰে এখন বাছ পথৰ কাষৰ এটা খাৱৈত বাগৰি পৰে ৷ আহত ৪৫ গৰাকীৰ ভিতৰত ৯ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ৰেৱাৰ আয়ুক্তকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকল সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত (Madhya Pradesh accident news) ৷