নেশ্যনেল ডেস্ক, ১৯ মে':সোমবাৰে সন্ধিয়া দুৰ্ঘটনাত পতিত হৈ আৰৱ সাগৰত ডুব গৈছিল বাৰ্জ পি৩০৫ । ফলত বাৰ্জ পি৩০৫ থকা যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে । নৌ সেনা বাহিনীয়ে জনোৱা মতে ইতিমধ্যে প্ৰায় ১৪ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে । ২৭৩ গৰাকী লোকৰ ভিতৰত বাৰ্জ পি৩০৫-ৰ পৰা ১৮৪ গৰাকীক উদ্ধাৰ কৰিছে নৌ সেনা বাহিনীয়ে ।
নৌ সেনাই বুধবাৰে জনোৱা মতে প্ৰতিকূল বতৰৰ বাবে অতি কষ্টৰে কৰ্মচাৰীসকলে এতিয়ালৈকে বাৰ্জ পি৩০৫ ত থকা ২৭৩ জন লোকৰ ভিতৰত ১৮৪ জনক উদ্ধাৰ কৰিছে । ইফালে ঘূৰ্ণীবতাহ টাউতেৰ প্ৰকোপে জাহাজবোৰ কঢ়িয়াই নিয়াৰ পিছতো আন দুখন বাৰ্জ আৰু এটা তেলৰ ৰিগত থকা সকলো কৰ্মচাৰী সুৰক্ষিত আছে ।
এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে বাৰ্জ জিএএল কনষ্ট্ৰাক্টৰৰ ১৩৭ কৰ্মচাৰীক মঙলবাৰে নৌ সেনা আৰু উপকূলৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বাৰ্জ এছএছ-৩ত থকা ১৯৬ জন কৰ্মচাৰী আৰু অইল ৰিগ সাগৰ ভূষণত থকা ১০১ জন কৰ্মচাৰী সম্প্ৰতি সুৰক্ষিত ।