মিজোৰাম, 10 মাৰ্চ: মিজোৰামৰ ভাৰত-ম্যানমাৰ আন্তৰ্জাতিক সীমান্তৰ দায়িত্বত থকা অসম ৰাইফলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ম্যানমাৰৰ পৰা প্ৰায় 136 গৰাকী লোকে আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি মিজোৰামৰ বিভিন্ন জিলাত প্ৰৱেশ কৰিছে ৷ এই সকলৰ ভিতৰত সাধাৰণৰ লোকৰ উপৰিও ম্যানমাৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকো আছে ৷
মিজোৰামৰ চম্পাই জিলাত 12 গৰাকী ম্যানমাৰ শৰণাৰ্থীৰ 8 গৰাকী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীলোক ৷ ইয়াৰে 11 জন পুৰুষ আৰু এগৰাকী মহিলা৷ সমান্তৰালকৈ, চেৰশ্বিপ জিলাত 19 গৰাকী শৰণাৰ্থীৰ 15 জন পুৰুষ আৰু 4 গৰাকী মহিলা শৰণাৰ্থী ৷ একেদৰে নাহথিয়াল জিলাত আছে 8 গৰাকী শৰণাৰ্থী, চিয়াহাত 101 গৰাকী ইয়াৰে ভিতৰত 7 শিশুও আছে বুলি জানিব পৰা গৈছে ৷