নিউজ ডেস্ক, 10 অক্টোবৰ: বাংলাদেশৰ কাৰাগাৰত এবছৰতকৈ অধিক সময় কটোৱাৰ পাছত অৱশেষত দেওবাৰে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনাস্থিত নিজৰ গৃহলৈ উভতি আহিছে ১৩৫ জন মাছমৰীয়া (Fishermen return after a year in Bangladesh jail) । বংগোপসাগৰত (Bay of Bengal) প্ৰৱল সোঁতত উটি গৈ বিগত বৰ্ষৰ জুন মাহত এই মাছমৰীয়াসকলে ৮খন ট্ৰ’লাৰে বাংলাদেশৰ জলসীমাত প্ৰৱেশ কৰিছিল (Trawlers entered the Bangladeshi waters) ৷
সুন্দৰবন সমুদ্ৰিক মৎস্যজীৱী শ্ৰমিক ইউনিয়নৰ সম্পাদক সতীনাথ পাত্ৰই জনোৱা মতে, বাংলাদেশৰ সীমান্তৰক্ষী আৰক্ষীয়ে মৎস্যজীৱীকেইজনক আটক কৰি খুলনাৰ মংলা বন্দৰত স্থানীয় আৰক্ষীক গতাই দিয়ে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়কে ধৰি বিভিন্ন পৰ্যায়ত সমন্বিত প্ৰচেষ্টা আৰু বাংলাদেশী কৰ্তৃপক্ষৰ সহযোগত ৩ অক্টোবৰত চুবুৰীয়া দেশখনৰ পৰা তেওঁলোকক মুকলি কৰি দিয়া হয় (Bengal fishermen return home) ।