নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ:দেশজুৰি বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছতেই উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ মণিপুৰৰ ৰাইফল কমপ্লেক্সত আয়োজন কৰা এক ৰাজহুৱা আত্মসমৰ্পণ অনুষ্ঠানত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (Manipur Chief Minister N Biren Singh)উপস্থিতিত অস্ত্ৰ-শস্ত্ৰসহ দুটাকৈ নিষিদ্ধ সংগঠনৰ 13 জন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে (13 militants surrender before Manipur CM)৷
এই অনুষ্ঠানত কাংলেইপাক কমিউনিষ্ট পাৰ্টি-পিপলছ ৱাৰ গ্ৰুপৰ (কে চি পি-পি ডব্লিউ জি) ১২ জন আৰু কাংলেই য়াওল কানবা লুপ (কে ৱাই কে এল)ৰ এজন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে ৷ এই 'ঘৰ উভতনি' অনুষ্ঠানত ভাষণ প্ৰদান কৰি সকলো উগ্ৰপন্থী সংগঠনক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সিঙে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই ৰাজ্যখনৰ সকলো বিদ্ৰোহী সংগঠনক শান্তি আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছো ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) কোৱাৰ দৰে, আত্মসমৰ্পণৰ পিছত কোনো উগ্ৰপন্থীৰ বিৰুদ্ধে এটাও গুলী নিক্ষেপ কৰা নহ'ব আৰু কোনো এজাহাৰ দাখিল কৰা নহ'ব ৷"