নিউজ ডেস্ক, ৯ ডিচেম্বৰ :আইএছআইএছ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত মুঠ ১৩ জন লোকক গ্ৰেপ্তাৰ এনআইএৰ । শনিবাৰে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ ৪৪ টা স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই চলোৱা তালাচীৰ পিছত মহাৰাষ্ট্ৰৰ পুনেৰ পৰা এই ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয় ।
উল্লেখ্য যে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ আৰক্ষী বাহিনীৰ সৈতে ঘনিষ্ঠ সমন্বয়ত সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ চোৰাংচোৱাই এই স্থানসমূহত তালাচী চলোৱা বুলি সূত্ৰত প্ৰকাশ । শনিবাৰে পুৱাৰ পৰা অভিযান চলাই থকা ৪৪ টা স্থানৰ ভিতৰত সংস্থাটোৰ চোৰাংচোৱাই কৰ্ণাটকৰ এটা স্থান, পুনেত দুটা, থানে গ্ৰাম্যত ৩১ টা, থানে চহৰৰ নটা আৰু ভায়ান্দৰত এটা স্থানত তালাচী চলায় বুলি সংস্থাটোৱে কয় ।
এই গোচৰটো অভিযুক্ত ব্যক্তি আৰু তেওঁলোকৰ সহযোগীসকলে ৰচনা কৰা এক অপৰাধমূলক ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত । গোচৰটোত অভিযোগ কৰা হৈছে যে এই লোকসকলে আল-কায়দা আৰু আইএছআইএছকে ধৰি সন্ত্ৰাসবাদী সংগঠনসমূহৰ হিংসাত্মক সন্ত্ৰাসবাদী আদৰ্শৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল আৰু এটা সন্ত্ৰাসবাদী দল গঠন কৰিছিল ।