নেশ্যনেল ডেস্ক,২২ মাৰ্চ :সম্প্ৰতি দেশত চৰ্চিত এগৰাকী ব্যক্তি হৈছে ১২৫ বছৰীয়া স্বামী শিৱানন্দ । সোমবাৰে এইগৰাকী যোগগুৰু স্বামী শিৱানন্দক ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰদান কৰে পদ্মশ্ৰী বঁটা (125 year old yoga guru receives Padma Shri)। খালী ভৰিৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱা যোগগুৰুৰ বঁটা গ্ৰহণৰ ভিডিঅ' সম্প্ৰতি দেশজুৰি ভাইৰেল হোৱা দেখা গৈছে ।
বঁটা গ্ৰহণ পূৰ্বে যোগগুৰু স্বামী শিৱানন্দ যদি ধৰণে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সন্মুখত আঁঠু কাঢ়ি সেৱা লৈছে সেই দৃশ্যই সকলোকে আপ্লুত কৰি তুলিছে । কেৱল এয়াই নহয় তেওঁৰ কৰ্মৰাজী দেখি দেশৰ প্ৰধানমন্ত্ৰী মোদীয়েও মূৰ দোৱাই তেওঁক অভিৱাদন জনায় ।
উল্লেখ্য যে ১২৫ বছৰ বয়সতো বগা কুৰ্তা আৰু ধুতি পিন্ধি যোগ গুৰুজনে ৰাষ্ট্ৰপতি ভৱনলৈ আহি বঁটা গ্ৰহণ কৰিলে । উপস্থিত সকলোৱে তেওঁক হাত চাপৰিৰে অভিৱাদন জনালে । প্ৰধানমন্ত্ৰীৰ সন্মুখত আঁঠু কাঢ়ি সেৱা লোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোডীয়েও মাটি স্পৰ্শ কৰি তেওঁক অভিৱাদন জনায় । ইফালে বঁটা গ্ৰহণৰ পূৰ্বে ৰাষ্ট্ৰপতি সন্মুখতো আঁঠু কাঢ়ি সেৱা লোৱাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক ধৰি উঠাত সহায় কৰি দিয়া দেখা গৈছে । বঁটা প্ৰদানৰ পাছতে ফটো তোলাৰ সময়তে ৰাষ্ট্ৰপতি আৰু যোগ গুৰুৰ মাজত বাৰ্তালাপ হোৱা দেখা গৈছে ।
কিন্তু এইগৰাকী স্বামী শিৱানন্দ আচলতে কোন ? মানৱ কল্যাণৰ বাবে নিজৰ জীৱনৰ কথা চিন্তা নকৰি স্বামী শিৱাানন্দই যোৱা ৫০ বছৰ ধৰি পুৰীত কুষ্ঠ ৰোগীসকলক সেৱা আগবঢ়াই আহিছে । পুৱা যোগ, তেলবিহীন আহাৰ আৰু মানৱজাতিৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ লগতে জীৱনৰ আটাইতকৈ সৰল উপায়বোৰে তেওঁক ৰোগমুক্ত এক জীৱন তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে ।
১৮৯৬ চনৰ ৮ আগষ্টত অবিভক্ত ভাৰতৰ চিলেট জিলাত (বৰ্তমান বাংলাদেশত) জন্ম গ্ৰহণ কৰা স্বামী শিৱাানন্দই (Swami Sivananda born in August 1896) ছয় বছৰ বয়সত মাক আৰু দেউতাকক হেৰুৱায় । দৰিদ্ৰতাৰ বাবে তেওঁৰ পৰিয়ালে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল । পিতৃ-মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত তেওঁক পশ্চিমবংগৰ নাবাদৱিপত থকা তেওঁৰ গুৰুজীৰ আশ্ৰমলৈ অনা হৈছিল ।