নেশ্যনেল ডেস্ক , 1 ছেপ্তেম্বৰ :জম্মু আৰু কাশ্মীৰত উদ্ধাৰ হৈছে দেৱী দুৰ্গা(Goddess Durga)ৰ এটা অতি প্ৰাচীন মূৰ্তি ৷ 13 আগষ্টত বুদগাম(Budgam) জিলাৰ পৰা জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে দেৱী দুৰ্গাৰ এই প্ৰাচীন মূৰ্তিটো উদ্ধাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, শ্ৰীনগৰৰ Pandrethanত ঝিলাম নদী( Jhelum river)ৰ পৰা বালি তুলি থকাৰ সময়ত শ্ৰমিকৰ এটা দলে এই ভাস্কৰ্যটো উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা দুৰ্গাৰ মূৰ্তিটো প্ৰায় 1200 বছৰ পুৰণি বুলি অনুমান কৰা হৈছে ৷
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে খানচাহিব(Khansahib) অঞ্চলৰ পৰা মূৰ্তিটো উদ্ধাৰ কৰে আৰু Department of Archives, Archaeology & Museumsৰ বিষয়াসকলক উদ্ধাৰ হোৱা ভাস্কৰ্যটো পৰীক্ষা কৰাৰ বাবে আহ্বান জনায় ৷ ইয়াৰ পাচতে মঙলবাৰে প্ৰত্নতাত্ত্বিকসকলে উদ্ধাৰ হোৱা মূৰ্তিটো দেৱী দুৰ্গাৰ আৰু ই প্ৰায় 7-8 খ্ৰীষ্টাব্দ(7th-8th AD)ৰ বুলি নিশ্চিত কৰে ৷