নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: গাঞ্জা সৰবৰাহ কৰি অন্ধ্ৰ প্ৰদেশৰ কাঁচিকচেৰলা আৰক্ষীৰ জালত পৰিল ৪টা সৰবৰাহকাৰী । মঙলবাৰে নন্দিগামা আৰক্ষী থানাৰ উপ আৰক্ষী অধীক্ষক নাগেশ্বৰা ৰেড্ডীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ ড'নাবান্দাত আৰক্ষীৰ তালাচীত ১২০ কিঃগ্ৰাঃ গাঞ্জা জব্দ হয় ।
অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাত ১২০ কিঃগ্ৰাঃ গাঞ্জাসহ ৪ জনক আটক - কাঁচিকচেৰলা আৰক্ষী
অন্ধ্ৰ প্ৰদেশত কাঁচিকচেৰলা আৰক্ষীৰ অভিযানত জব্দ ১২০ কিঃগ্ৰাঃ গাঞ্জা । অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ ড'নাবান্দাত দুখন বাহনত তালাচী চলাই আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে । বিশাখাপট্টনমৰ নৰছিপটনমৰ পৰা মুম্মাই অভিমুখে গৈ আছিল বাহন দুখন ।
অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণাত ১২০ কিঃগ্ৰাঃ গাঞ্জাসহ ৪ জনক আটক
উপ আৰক্ষী অধীক্ষকগৰাকীৰ মতে, গোপন সূত্ৰৰ পৰা খবৰ পোৱাৰ পিছতে সোমবাৰে ড'নাবান্দা হৈ যাতায়ত কৰা বাহনত তালাচী চলোৱা হৈছিল আৰু দুখন বাহনৰ পৰা গাঞ্জাখিনি জব্দ হয় । বাহন দুখন বিশাখাপট্টনম জিলাৰ নৰছিপটনমৰ পৰা মুম্মাই অভিমুখে গৈ আছিল । কাঁচিকচেৰলা আৰক্ষীয়ে বাহন দুখন জব্দ কৰাৰ লগতে ৪ টা সৰবৰাহকাৰীকো আটক কৰে। লগতে সৰবৰাহকাৰীকেইটাৰ পৰা ৫টা মোবাইল ফোনো জব্দ কৰে।
লগতে পঢ়ক:ভাৰতীয় বজাৰত মুকলি ‘জাব্ৰা’(Jabra)ৰ Elite 85 ইয়াৰবাড