অসম

assam

ETV Bharat / bharat

MP rape case : নিৰ্যাতনৰ বলি কিশোৰী, ঘৰে ঘৰে সহায় বিচাৰিও নাপালে সঁহাৰি

মধ্যপ্ৰদেশৰ উজ্জয়িনীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ঘৰে ঘৰে সহায় বিচাৰি দিশহাৰা ধৰ্ষণৰ বলি এগৰাকী নাবালিকা । তেজেৰে লুতুৰি পুতুৰি দেখিও কোনেও সহায়ৰ বাবে নাহিল আগবাঢ়ি । এখন আশ্ৰমৰ কেইগৰাকীমান লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে ভুক্তভোগীগৰাকীক ।

MP rape case
নিৰ্যাতনৰ বলি কিশোৰী, ঘৰে ঘৰে সহায় বিচাৰিও নাপালে সঁহাৰি

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:10 PM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ :পুনৰ দেশ কঁপাই যোৱা এক ঘটনা সংঘটিত হৈছে । উজ্জয়িনীত ধৰ্ষণৰ বলি হৈছে ১২ বছৰীয়া এগৰাকী কিশোৰী । নিৰ্যাতিতা কিশোৰীগৰাকীয়ে বহু সময় ধৰি ৰাজপথত অৰ্ধ উলংগ অৱস্থাৰে সহায় বিচাৰি ঘূৰি ফুৰিছে । কিন্তু তেজেৰে লুতুৰি-পুতুৰি কিশোৰীগৰাকীক কোনেও সহায়ৰ বাবে আগবাঢ়ি নাহিল । অৱশেষত এখন আশ্ৰমৰ একাংশ লোক আৰু আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ।

আৰক্ষীয়ে জনোৱা মতে সোমবাৰে সন্ধিয়া উজ্জয়িনীৰ মহাকাল আৰক্ষী থানাৰ অন্তৰ্গত বদনগৰ ৰোডৰ দাণ্ডি আশ্ৰমৰ সমীপত কিশোৰীগৰাকীক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় । খবৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে জনোৱা মতে কিশোৰীগৰাকীক ধৰ্ষণ কৰা হৈছিল । ধৰ্ষণৰ ফলত কিশোৰীগৰাকী অত্যাধিক ৰক্তক্ষৰণ হয় । সম্প্ৰতি আৰক্ষীয়ে চিচিটিভি ফুটেজৰ আধাৰত অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে । উজ্জয়িনী আৰক্ষী অধীক্ষকে এই ঘটনাৰ তদন্তৰ বাবে এটা এছআইটি গঠন কৰিছে ।

জানিব পৰা মতে নিৰ্যাতিতা ১২ বছৰীয়া কিশোৰীগৰাকীক চিকিৎসাৰ বাবে চৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাছত ইন্দোৰলৈ প্ৰেৰণ কৰা হয় । অত্যধিক ৰক্তক্ষৰণ হোৱা কিশোৰীগৰাকীক ৰক্তদানৰ বাবে আৰক্ষীকে ধৰি কেইবাগৰাকী লোক আগবাঢ়ি আহিছে । কিন্তু ইয়াৰ মাজতে এটা চিচিটিভি ফুটেজ পোহৰলৈ আহিছে । য'ত কিশোৰীগৰাকীক অৰ্ধ উলংগ অৱস্থাত দেখা গৈছিল ।

ধৰ্ষণৰ ভুক্তভোগী কিশোৰীগৰাকীয়ে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ইন্দোৰ ৰোডৰ ইনাৰ ৰিং ৰোডৰ চাভাৰা খেদি কলনীত সহায় বিচাৰি ঘূৰি ফুৰিছিল । ভিডিঅ'টোত দেখা গৈছিল কিশোৰীগৰাকীয়ে এটা বাসগৃহৰ বাহিৰত ৰৈ থকা এজন যুৱকৰ পৰাও সহায় বিচাৰিছিল । কিন্তু যুৱকজনে তেওঁ সহায় কৰিবলৈ অস্বীকাৰ কৰিছিল । যাৰ বাবে কিশোৰীগৰাকী পথটোৰে পুনৰ আগবাঢ়ি গৈছিল । বদনগৰ ৰোডেৰে আগবাঢ়ি গৈ হঠাতে দাণ্ডি আশ্ৰমৰ সমীপত কিশোৰীগৰাকী অচেতন হৈ পৰি গৈছিল । পাছত স্থানীয় লোক আৰু আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰে ।

অৱশ্যে কিশোৰীগৰাকীক ক'ত আৰু কোনে ধৰ্ষণ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে । চিকিৎসাধীন কিশোৰীগৰাকীয়েও কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰিব পৰা নাই । আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । কিন্তু আচৰিত কথাটো হ'ল যে নিৰ্যাতিতা কিশোৰীগৰাকীয়ে সহায় বিচাৰি এটাৰ পাছত আন এটা ঘৰৰ দুৱাৰ টোকৰ মাৰিছিল আৰু কোনেও তেওঁ সহায় কৰিবলৈ আগবাঢ়ি নাহিল ! ৰক্তাক্ত শৰীৰ টানি টানি লৈ সহায় বিচৰাৰ দৃশ্য অঞ্চলটোৰ চিচিটিভি কেমেৰাত ধৰা পৰাৰ পাছতে এতিয়া দেশজুৰি ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Crime against women: মহিলাক বৰ্বৰ অত্যাচাৰ স্পাৰ মেনেজাৰৰ

ABOUT THE AUTHOR

...view details