নেশ্যনেল ডেস্ক, ৪ ফেব্ৰুৱাৰী: মুম্বাইৰ এনটপ হিলত বুধবাৰে এটি ১২ বছৰীয়া কিশোৰে আত্মহত্যা কৰে । নিজ বাসগৃহৰে এটা কোঠাত চিপ লৈ আত্মহত্যা কৰে কিশোৰটোৱে । বৃহস্পতিবাৰে আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে । আৰক্ষীয়ে জনোৱা মতে, কোঠাটোৰ পৰা কিশোৰটি বহুসময় ধৰি ওলাই নহাত পিতৃয়ে কোঠাৰ ভিতৰত প্ৰৱেশ কৰে আৰু পুত্ৰক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ।
মুম্বাইত ১২ বছৰীয়া কিশোৰৰ আত্মহত্যা - মুম্বাইত আত্মহনন
মুম্বাইত আত্মহননৰ পথ বাচি ল'লে এটি কিশোৰে । সম্প্ৰতি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
মুম্বাইত আত্মহননৰ পথ বাচি ল'লে এটি কিশোৰে
এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষীয়ে কিশোৰটিৰ ঘৰত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আনহাতে, কিশোৰটিয়ে কিয় জীৱনৰ চৰম পথ বাচি ল'লে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:গ্ৰেটা থানবাৰ্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ ৰুজু