নেশ্যনেল ডেস্ক, ২১ জানুৱাৰী: COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া চলি থকাৰ সমান্তৰালকৈ মিজোৰামত মহামাৰীৰ সংক্ৰমণো অব্যাহত আছে । ৰাজ্যখনত এতিয়ালৈকে মুঠ ৪,৩৪৬ জন লোক মহামাৰীৰ কবলত পৰিছে । যোৱা ২০ জানুৱাৰীৰ দিনটোত নতুনকৈ ১২ জন লোক COVID-১৯ত আক্ৰান্ত হৈছে । ঝ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰ টি-পিচিআৰ গৱেষণাগাৰত পৰীক্ষা কৰা ৫৮৯ জন লোকৰ নমুনাৰ ভিতৰত ৭জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
এই ৭ জন লোকৰ ভিতৰত চি আৰ পি এফ জোৱানো আছে । ৩০-৪৪ বছৰ বয়সৰ ৫ জন পুৰুষ আৰু ২ গৰাকী মহিলা আক্ৰান্ত হয় । আনহাতে, ট্ৰু নেট লেবৰেট'ৰিজত পৰীক্ষা কৰা ১৮৯ জন লোকৰ নমুনাৰ ভিতৰত ২ লোক COVID-১৯ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । ৰেপিড এণ্টিজেন টেষ্ট কিটৰ জৰিয়তে কৰা পৰীক্ষাত ১৩৬৩ জনৰ ভিতৰত ৩ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ইয়াৰে চম্ফাইৰ ৫৪ বছৰীয়া এজন লোকৰ দেহত COVID-১৯ৰ লক্ষণ পৰিলক্ষিত হয় ।