নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীতে আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে । শুকুৰবাৰে উত্তৰাখণ্ডত মূৰ্তিটো উন্মোচন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ কৰিছে মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে । ৰাজ্যখনৰ পৰা চাৰিটা মূৰ্তিৰ আৰ্হি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ।
ইয়াৰ ভিতৰত মহীশূৰৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজৰ আৰ্হিক বাছনি কৰা হয় আৰু পিছত কৃষ্ণশিলা শিলৰ ৩৫ টন ওজনৰ মূৰ্তিটো নিৰ্মাণ কৰে ভাস্কৰ্য শিল্পীগৰাকীয়ে । কৃষ্ণশিলা শিল হৈছে এনে শিল, যি ৰ'দ-বৰষুণৰ লগতে যিকোনো প্ৰাকৃতিক দুৰ্যোগত সহজে ক্ষতিগ্ৰস্ত নহয় । অষ্টম শতিকাত শংকৰাচাৰ্যই তেওঁৰ দৰ্শন প্ৰচাৰৰ বাবে ভাৰতীয় উপ-মহাদেশত ভ্ৰমণ কৰিছিল । ইটিভি ভাৰতৰ সাংবাদিকৰ আগত ভাস্কৰ্য শিল্পী যোগীৰাজে কয় যে, এই মূৰ্তি নিৰ্মাণ কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী ।
কিয়নো তেওঁৰ কামক ৰাইজে স্বীকৃতি দিছে । তেওঁ লগতে কয় যে, মানুহে যেতিয়া কয় যে মূৰ্তি সুন্দৰ হৈছে তেওঁ তেতিয়া আনন্দিত হৈ পৰে । যোগীৰাজে জনোৱা মতে তেওঁৰ পিতৃ পেছাত শিক্ষক আছিল ।