নেশ্যনেল ডেস্ক, ৫ জুলাই : সোমবাৰৰ পৰা আৰম্ভ হৈছে মহাৰাষ্ট্ৰ বিধানসভা(Maharashtra Assembly)ৰ বৰ্ষাকালীন অধিৱেশন । কিন্তু অধিৱেশনৰ প্ৰথম দিনটোতে সদন ত্যাগ কৰিবলগীয়া হ'ল ১২ গৰাকী বিজেপি বিধায়কে । সোমবাৰে বিধানসভাৰ অধ্যক্ষৰ কক্ষত প্ৰিজাইডিং বিষয়া ভাস্কৰ যাদৱৰ সৈতে 'দুৰ্ব্যৱহাৰ' কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে বিধায়ককেইগৰাকীক বিধানসভাৰ পৰা ১ বছৰৰ বাবে বহিষ্কাৰ কৰা হয় । বিধায়কসকলক নিলম্বন কৰা প্ৰস্তাৱটো ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনিল পাৰাবে উত্থাপন কৰে ।
বহিষ্কৃত ১২ জন বিধায়ক হৈছে- সঞ্জয় কুটে, আশিস শ্বেলাৰ, অভিমন্যু পাৱাৰ, গিৰীশ মহাজন, অতুল ভাটখালকাৰ, পৰাগ আলাৱনি, হৰিশ পিম্পালে, যোগেশ সাগৰ, জয় কুমাৰ ৰাৱট, নাৰায়ণ কুচে, ৰাম সতপুতে আৰু বাণ্টি ভাংদিয়া । পাৰাবে সদনৰ মজিয়াত কয় যে, ১ বছৰৰ বাবে ১২ জন বিধায়কক মুম্বাই আৰু নাগপুৰৰ বিধানসভা চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব । এই সিদ্ধান্তত আপত্তি জনাই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ(Devendra Fadnavis)ৰ নেতৃত্বত আন বিজেপি সদস্যসকলে কয় যে, এনে সিদ্ধান্ত গ্ৰহণ কৰিলে বিৰোধীয়ে সদন ত্যাগ কৰিব ।
তেওঁ লগতে কয় যে, এয়া মিছা অভিযোগ আৰু বিৰোধী বিধায়কৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াস মাথোঁ । কিয়নো আমি স্থানীয় নিকায়সমূহত অন্যান্য পিছপৰা শ্ৰেণীৰ আসন সংৰক্ষণ সন্দৰ্ভত বিজেপিয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ কেতবোৰ মিছা কথা উন্মোচন কৰিছিল । ফাডনাভিছে লগতে কয় যে, বিজেপিৰ সদস্যসকলে প্ৰিজাইডিং বিষয়াজনক দুৰ্ব্যৱহাৰ কৰা নাছিল ।