অসম

assam

ETV Bharat / bharat

মহীশূৰত উদ্ধাৰ একাদশ শতিকাৰ জৈন মূৰ্তি - Hoysala era

Ancient Jain idols : এস্কেভেটৰেৰে নৰ্দমাৰ কাম কৰি থকা অৱস্থাত মূৰ্তিকেইটা উদ্ধাৰ হয় । লগে লগে গাঁওবাসীয়ে কাম বন্ধ কৰি বিষয়টো সন্দৰ্ভত মহীশূৰৰ পুৰাতত্ত্ব আৰু ঐতিহ্য বিভাগক অৱগত কৰে ।

মহীশূৰত উদ্ধাৰ একাদশ শতিকাৰ জৈন মূৰ্তি
মহীশূৰত উদ্ধাৰ একাদশ শতিকাৰ জৈন মূৰ্তি

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:58 PM IST

নিউজ ডেস্ক, ১ জানুৱাৰী :কৰ্ণাটকৰ মহীশূৰৰ বৰুণা গাঁৱত এক নৰ্দমা খননকাৰ্যৰ সময়ত কেইটামান প্ৰাচীন জৈনমূৰ্তি উদ্ধাৰ হৈছে । যোৱা ২৬ ডিচেম্বৰত উদ্ধাৰ হোৱা মূৰ্তিকেইটাৰ এটা হৈছে কুশমন্দিনী আৰু এটা জৈন তীৰ্থংকৰৰ মূৰ্তি । আনহাতে, আন এটা মূৰ্তিৰ কেৱল মূৰটো পোৱা গৈছে । ইতিহাসবিদসকলে জনোৱা মতে, এই মূৰ্তিবোৰ ১১ শতিকাৰ আশেপাশে গংগা আৰু হয়ছালা যুগৰ । মূৰ্তিবোৰ মহীশূৰৰ ৱেলিংটন ভৱনৰ চৰকাৰী সংগ্ৰহালয়লৈ প্ৰেৰণ কৰা হৈছে । তাত বিশেষজ্ঞসকলে অধিক গৱেষণা কৰিব ।

উদ্ধাৰ হোৱা মূৰ্তি

এস্কেভেটৰেৰে নৰ্দমাৰ কাম কৰি থকা অৱস্থাত মূৰ্তিকেইটা উদ্ধাৰ হয় । লগে লগে গাঁওবাসীয়ে কাম বন্ধ কৰি বিষয়টো সন্দৰ্ভত মহীশূৰৰ পুৰাতত্ত্ব আৰু ঐতিহ্য বিভাগক অৱগত কৰে । তাৰ পিছতে বিভাগটোৰ উপ-সঞ্চালক মঞ্জুলাৰ নেতৃত্বত এটা দল, ইতিহাসবিদ আৰু ঐতিহ্য বিশেষজ্ঞ অধ্যাপক ৰংৰাজু ঘটনাস্থলীত উপস্থিত হয় আৰু মূৰ্তিকেইটা আৰু স্থানটুকুৰা পৰিদৰ্শন কৰে ।

উদ্ধাৰ হোৱা মূৰ্তি ইতিহাসবিদৰ পৰ্যবেক্ষণ

আনহাতে, ইতিহাসবিদ অধ্যাপক এন এছ ৰংৰাজুৱে এই সন্দৰ্ভত 'ইটিভি ভাৰত'ৰ আগত কয়, "উদ্ধাৰ কৰা তিনিটা জৈন মূৰ্তি ভঙা অৱস্থাত আছে । কুশমন্দিনী দেৱীৰ হাত ভাঙিছে । আন এজন জৈন তীৰ্থংকৰৰ মূৰ্তিৰ হাত আৰু ভৰি ভাঙি গৈছে । আন এটাৰ কেৱল মূৰহে পোৱা গৈছে । এইটো হয়তো জেচিবিৰে কাম কৰাৰ সময়ত মূৰ্তিকেইটাৰ ক্ষতি হৈছে । এই মূৰ্তিবোৰ গংগা আৰু হয়ছালা যুগৰ সময়ত এই গাঁওবোৰৰ হয়শালা মন্দিৰৰ চিহ্ন ।"

উদ্ধাৰ হোৱা মূৰ্তি

"যদি মূৰ্তিবিলাক উদ্ধাৰ হোৱা ঠাইত অধিক খনন কৰা হয় তেন্তে আৰু বহু মূৰ্তি পোৱাৰ সম্ভাৱনা আছে । তালাকাডু, হেমমিগে, মুগুৰু, টি নাৰসিপুৰ, ভাৰাকুডু, বৰুণা, ভাজামানগালা, মহীশূৰৰ উপকণ্ঠ, কুমাৰবিদু হৈছে টি নাৰসিপুৰৰ ওচৰৰ তালাকাদত গঙ্গাৰ শাসনকালত মুখ্য জৈন গাঁও আছিল । তেওঁলোকে শ্ৰৱণবেলাগোলালৈ যাবলৈ এই পথটো ব্যৱহাৰ কৰিছিল । এই বাটতে জৈন মূৰ্তিবোৰ আছিল ।" তেওঁ লগতে জনায় ।

লগতে পঢ়ক :সূৰ্য নমস্কাৰেৰে বিশ্ব অভিলেখ গুজৰাটৰ

ABOUT THE AUTHOR

...view details