অসম

assam

ETV Bharat / bharat

দালালে গুৱাহাটীলৈ মাতি অনা 11 টা বাংলাদেশীক ত্ৰিপুৰাত আটক

ত্ৰিপুৰাত আটক সন্দেহযুক্ত বাংলাদেশী নাগৰিক (Bangladeshi nationals held in Tripura) ৷ ধৰ্মনগৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা অৱস্থাত আটক কৰা হৈছে দুটি শিশুসহ 11 টা বাংলাদেশী ৷

suspected Bangladeshi nationals held in Tripura
suspected Bangladeshi nationals held in Tripura

By

Published : May 27, 2022, 10:42 PM IST

আগৰতলা, 27 মে’: ত্ৰিপুৰা আৰক্ষীয়ে বুধবাৰে সন্ধিয়া ধৰ্মনগৰৰ আন্তঃৰাজ্যিক বাছ আস্থানত এখন বাছৰ পৰা ১১ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰে (Suspected Bangladeshi nationals held in Tripura) ৷ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ধৰ্মনগৰৰ মহকুমা আৰক্ষী বিষয়া সৌম্য দেববৰ্মাই কয় যে, এই ১১ জন ব্যক্তিৰ ভিতৰত ৭ জন পুৰুষ, ২ গৰাকী মহিলা আৰু ২ টি শিশু ।

আৰক্ষীয়ে লগতে কয় যে, এই বাংলাদেশী নাগৰিকসকলৰ প্ৰাথমিক জেৰাৰ সময়ত তেওঁলোকে এজন দালালৰ সহায়ত ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰা বুলি জনাইছে । কিন্তু তেওঁলোকে কোনটো এলেকাত প্ৰৱেশ কৰিছে সেয়া বৰ্তমানেও স্বীকাৰ কৰা নাই ।

বাংলাদেশী কেইটাই আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে, প্ৰায় ৪ ঘণ্টা অতিবাহিত কৰাৰ পিছত তেওঁলোকে ধৰ্মনগৰৰ আইএছবিটিত উপস্থিত হৈ গুৱাহাটীলৈ ৰাওনা হোৱাৰ কথা আছিল (Bangladeshi in Tripura)৷ য'ত দালালজনে তেওঁলোকৰ বাবে কামৰ ব্যৱস্থা কৰিব । আৰক্ষীয়ে কয় যে, দালালে তেওঁলোকৰ পৰা প্ৰায় ১৫,০০০ টকা লৈছে ।

আৰক্ষীয়ে সন্দেহ কৰিছে যে, এই অবৈধ অনুপ্ৰৱেশৰ আঁৰত এটা ৰেকেটে দেশজুৰি কাম কৰি আছে । শিশু দুটাৰ উপৰিও আই এছ বি টিৰ পৰা গ্ৰেপ্তাৰ হোৱা ৯ টা বাংলাদেশী হৈছে শ্বাহিদুল মোল্লা (২৮), মহম্মদ আলামিন মিঞা (২৪), মহম্মদ মোল্লা (১৮), চাবিৰ শ্বেখ (২০), ৰাজু শ্বেখ (৪০), আহাদ মিঞা (২১), ৰাহুল শ্বেখ (১৭), বিনা বেগম (৪৮) আৰু কুলচুম বেগম (২৩)।

লগতে পঢ়ক :দহ হাজাৰ টকাৰ বিনিময়ত পত্নীক এনিশাৰ বাবে তিনি যুৱকক গতালে স্বামীয়ে

ABOUT THE AUTHOR

...view details