অসম

assam

ETV Bharat / bharat

Tripura new cabinet: 11 গৰাকী মন্ত্ৰীয়ে শপত ল’ব সোমবাৰে - ত্ৰিপুৰা চৰকাৰ

আজি শপত গ্ৰহণ কৰিব ত্ৰিপুৰা চৰকাৰৰ 11 গৰাকী মন্ত্ৰীয়ে (Tripura new cabinet) ৷ পূৰ্বৰ 8 জন মন্ত্ৰীৰ লগতে নতুনকৈ তিনিজন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে ৷

Tripura new cabinet
Tripura new cabinet

By

Published : May 16, 2022, 9:12 AM IST

Updated : May 16, 2022, 10:50 AM IST

আগৰতলা, 16 মে’:নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পাচতে নতুনকৈ গঠন কৰা হৈছে ত্ৰিপুৰাৰ বিজেপি চৰকাৰৰ কেবিনেট (New ministers of Tripura cabinet)৷ পূৰ্বৰ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী মেৱৰ কুমাৰ জামাতিয়াৰ বাহিৰে কোনো বিশেষ সাল-সলনি ঘটোৱা হোৱা নাই মন্ত্ৰীসভাখনৰ ৷ জামাতিয়াৰ পৰিৱৰ্তে IPFT দলৰ আন এগৰাকী বিধায়ক প্ৰেম কুমাৰ ৰিয়াঙক মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে (Prem Kumar Reang inducted in Tripura cabinet)৷ লগতে খালী হৈ থকা এটা দপ্তৰৰ দায়িত্ব অৰ্পন কৰা হৈছে ৰামপদ জামাতিয়াক ৷ আটাইকেইজন মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব ৷

2018 চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠনৰ পাচত আটাইকেইটা কেবিনেট পদ পূৰণ কৰা নাছিল বিজেপি দলে ৷ মুঠ 12 টা মন্ত্ৰী পদৰ ভিতৰত শপত লৈছিল মাত্ৰ 9 জন মন্ত্ৰীয়ে ৷ কিন্তু এবছৰৰ ভিতৰতে সুদীপ ৰয় বৰ্মনক মন্ত্ৰীসভাৰ পৰা অপসাৰিত কৰা হয় আৰু ৰাজ্যিক কেবিনেটত মন্ত্ৰীৰ সংখ্যা হয় গৈ 8 গৰাকী ৷

2021 চনৰ পাচত তদানীন্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ মন্ত্ৰীসভাত তিনিগৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হয় ৷ তেওঁলোক হৈছে সুশান্ত চৌধুৰী, ৰাম প্ৰসাদ পাল আৰু ভগৱান চন্দ্ৰ দাস ৷

বিপ্লৱ দেবৰ কেবিনেটত মন্ত্ৰীত্ব লাভ কৰা আটাইকেইগৰাকী বিধায়কক নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত কৰা হৈছে ৷ মাত্ৰ IPTF ৰ এগৰাকী সদস্যৰ সাল-সলনি কৰা হৈছে ৷ IPFT ৰ সভাপতি এন চি দেৱবৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছে ৷ মাত্ৰ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী মেৱৰ কুমাৰ জামাতিয়াক আঁতৰাই প্ৰেম কুমাৰ ৰিয়াঙক মন্ত্ৰীসভাত স্থান দিয়া হৈছে ৷

ৰামপদ জামাতিয়াৰ অন্তৰ্ভুক্তিকৰণে বিজেপি চৰকাৰৰ মন্ত্ৰী সভাৰ সদস্যৰ সংখ্য 12 জনলৈ বৃদ্ধি কৰিলে ৷ শপত ল’ব লগীয়া মন্ত্ৰীসকল হ’ল জিষ্ণু দেৱবাৰ্মা, এন চি দেৱবাৰ্মা, প্ৰসেনজিৎ সিনহা ৰয়, মনোজ কান্তি দেৱ, শান্তনা চাকমা, ৰাম প্ৰসাদ পাল, ভগৱান দাস, সুশান্ত চৌধুৰী, ৰামপদ জামাতিয়া আৰু প্ৰেম কুমাৰ ৰিয়াং ৷

লগতে পঢ়ক :Tripura new CM oath taking ceremony: উপস্থিত নাথাকিল বিৰোধী দল চিপিআই(এম)

Last Updated : May 16, 2022, 10:50 AM IST

ABOUT THE AUTHOR

...view details