নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী :ছত্তীশগড়ত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা (Accident in Chattisgarh)৷ শুকুৰবাৰে পুৱাই আহিল এই ভয়াৱহ দুৰ্ঘটনাটোৰ খবৰ ৷ ৰাজ্যখনৰ খামৰিয়াৰ সমীপৰ ভালোডা বজাৰত এখন ট্ৰাক আৰু এখন পিকআপ বাহনৰ মুখামুখি সংঘষৰ ফলত একেটা পৰিয়ালৰ চাৰিটা শিশুকে ধৰি কমেও ১১ গৰাকী লোকৰ মৃত্যু হয় (eleven people killed in accident in Chhattisgarh) ৷ ইয়াৰোপৰি কেইবাগৰাকী লোক আহত হোৱা বুলি জানিবলৈ পৰা গৈছে ।
বৃহস্পতিবাৰে মাজনিশা এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । সূত্ৰৰ পৰা জানিব পৰা মতে, পিকআপ বাহনখনত যাত্ৰা কৰা আটাইকেইগৰাকী লোক একেটা পৰিয়ালৰে আছিল ৷ পৰিয়ালটোৱে খিলোৰা গাঁৱৰ এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰ্জুনি গাঁৱলৈ উভতি গৈ থকা অৱস্থাতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো । ইফালে দুৰ্ঘটনাটোৰ ফলত ১১ গৰাকী লোকৰ মৃত্যু হোৱাৰ ওপৰিও তিনিগৰাকী লোক গুৰুতৰভাৱে হয় আৰু আহত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁলোকে কয় । দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে (pickup truck collision in Chhattisgarh) ।
মৃত-জীৱিত আটাইকেইজন লোকক আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্থ পিকআপ ভানখনৰ পৰা উলিয়াই অনাৰ পিছত মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে । ভাটাপাৰা মহকুমা আৰক্ষী বিষয়া সিদ্ধাৰ্থ বাঘেলে দুৰ্ঘটনাটো সন্দৰ্ভত কয় যে যোৱা নিশা মাজৰাতি বালোদা বজাৰ- ভাটাপাৰা জিলাত পিকআপ গাড়ীখনে এখন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত ১১ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় । দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (eleven killed in pickup truck collision) ।