নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ: দেশৰ প্ৰান্তে প্ৰান্তে গণেশ বিসৰ্জনৰ বিশাল আয়োজন(Ganesh immersion in different parts of India) । মুম্বাইৰ বিভিন্ন প্ৰান্ততো বিশাল আয়োজনৰে গণপতি বিদায় দিয়া পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে মুম্বাইৰ পানভেলত সংঘটিত অঘটন(Incident during Ganesh immersion in Panvel) । গণেশ বিসৰ্জনৰ সময়তে জেনেৰেটৰ তাঁৰ চিঙি যোৱাৰ ফলত বিদ্যুৎস্পৃষ্ট হয় ১১ জনকৈ লোক(11 electrocuted during Ganesh visarjan) ।
পানভেলৰ ভাদঘৰ অঞ্চলত অনন্ত চতুৰ্দশীৰ দিনা বিসৰ্জনৰ সময়তে সংঘটিত হয় এই ঘটনা । তীব্ৰ বৈদ্যুতিক শ্বকৰ বাবে বিদ্যুৎস্পৃষ্ট হোৱা ভক্তসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিছুসংখ্যক ভক্তক পাটবৰ্ধন চিকিৎসালয় আৰু লাইফলাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।