অসম

assam

ETV Bharat / bharat

Shahdara gang rape case: শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

শেহতীয়াকৈ দিল্লীৰ শ্বাহদাৰা জিলাৰ কস্তুৰবা নগৰত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা (Sexual assault case in Shahdara of Delhi)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ১১ গৰাকী অভিযুক্তক । ঘটনাক গৰিহণা দিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

Shahdara gang rape case
শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

By

Published : Jan 28, 2022, 3:36 PM IST

নেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী :দেশৰ ৰাজধানীত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । প্ৰথমে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ তাৰ পাছত মুখত ক'লা ৰঙ সানি মুণ্ডন কৰি ডিঙিত জোতাৰ মালা পিন্ধাই ৰাস্তাত পেৰেড কৰাইছিল একাংশ দানৱৰূপী লোকে । দিল্লীৰ শ্বাহদাৰা জিলাৰ কস্তুৰবা নগৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এই ঘটনা (Sexual assault case in Shahdara of Delhi)।

এই ঘটনাৰ পাছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভুক্তভোগী মহিলাগৰাকীক সুৰক্ষা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে বিভিন্নজনে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১১ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ হোৱা সকলৰ ৯ গৰাকীয়ে মহিলা বুলি জানিব পৰা গৈছে ।

দিল্লী আৰক্ষীয়ে জনোৱা মতে বাকী অভিযুক্তসকলো অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব । আৰক্ষীয়ে জনোৱা মতে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে বুধবাৰে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল । ঘটনাস্থলীত স্বামী উপস্থিত নাছিল যদিও ভাৰাঘৰৰ মালিকে তেওঁক সকলো কথা অৱগত কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে ঘটনাটো সম্পৰ্কে খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰে । লগে লগে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । ইয়াৰ মাজতে আন এক তথ্য পোহৰলৈ আহিছে ।

ভুক্তভোগী মহিলাগৰাকীৰ ভগ্নীয়ে জনোৱা মতে ওচৰৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ । কিন্তু লক্ষণীয়ভাৱে যুৱকজনে বিগত বছৰৰ নৱেম্বৰ মাহত আত্মহত্যা কৰিছিল । ভগ্নীয়ে জনোৱা মতে মৃত যুৱকজনৰ মৃত্যুৰ বাবে তেওঁৰ পৰিয়ালে মহিলাগৰাকীক দোষাৰোপ কৰিছিল ।

ইফালে এই ঘটনাক লৈ সমগ্ৰ দিল্লীতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এই ঘটনাক গৰিহণা দিছে লগতে আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিবলৈ কেন্দ্ৰক আহ্বান জনাইছে । দিল্লী মহিলা আয়োগেও এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক জাননী জাৰি কৰিছে আৰু অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰু ভুক্তভোগী লগতে তেওঁৰ পৰিয়ালক নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাইছে ।

শ্বাহদাৰাৰ উপ আৰক্ষী আয়ুক্ত আৰ সাথিয়াসুন্দৰমে কোৱা মতে ব্যক্তিগত শত্ৰুতাৰ বাবে এগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলোৱা এক দুৰ্ভাগ্যজনক ঘটনা । ইতিমধ্যে কেইবাগৰাকী অভিযুক্তক আটক কৰা হৈছে আৰু ভুক্তভোগীক সকলো সম্ভৱ সহায় আৰু পৰামৰ্শ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক :চিকিৎসালয়ৰ পৰিচাৰিকাৰ শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

ABOUT THE AUTHOR

...view details