'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ বাবে শুভেচ্ছা বিধায়ক চক্ৰধৰ গগৈৰ
ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বিগত বৰ্ষত জন্মলাভ কৰা 'ৰাইজৰ দল'ৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন সোমবাৰৰ পৰা মৰাণত আৰম্ভ হ'ব ৷ যাৰ বাবে দলটোক শুভেচ্ছা জ্ঞাপন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷
সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী
পুত্ৰৰ সন্ধানত সহায় কৰা সংবাদ মাধ্যম, আৰক্ষী প্ৰশাসন তথা শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন বিশ্বজিৎ দৈমাৰীৰ ৷ সুস্থ শৰীৰে পুত্ৰক পাই আনন্দিত পিতৃ ৷ পুত্ৰৰ সৈতে বৰ্তমানলৈ কোনো ধৰণৰ কথাবাৰ্তা হোৱা নাই পিতৃৰ ৷
উত্তৰ প্ৰদেশত কৰায়ত্ত ৰোহিংগীয়া মূলৰ ব্যক্তি
ম্যানমাৰৰ নাগৰিক আজিজুল হকক কবীৰ নগৰ জিলাত আটক কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ আৰক্ষীয়ে তথ্য লাভ কৰা অনুসৰি, জিলাখনত অবৈধভাৱে ৰোহিংগীয়া সম্প্ৰদায়ৰ লোকে বাস কৰি আহিছে ৷ সোধ-পোছৰ অন্তত আজিজুলে সিদ্ধাৰ্থ নগৰ জিলাত 2002 চনৰে পৰা বাস কৰি অহা বুলি আৰক্ষীক অৱগত কৰে ৷
ত্ৰিপুৰাৰ দ্ৰুত উন্নয়নৰ বাবে মোডী-শ্বাহ-গাডকাৰীক সাক্ষাৎ বিপ্লব দেৱৰ
দিল্লীত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ ৷ ৰাজ্যৰ দ্ৰুত উন্নয়নৰ বাবে বিচাৰে আৰ্থিক অনুদান ৷
তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটকক সহায়ৰ হাত হোটেল-হাউচবোট স্বত্বাধিকাৰীৰ
বিগত 4 দিনে জম্মু-কাশ্মীৰত ব্যাহত হৈ পৰিছে জনজীৱন ৷ অত্যাধিক হাৰত হোৱা তুষাৰপাতৰ বাবে দেওবাৰৰ পৰা কাশ্মীৰৰ সকলো বিমানো বাতিল কৰা হৈছে ৷ যাৰ বাবে কাশ্মীৰৰ ভিন্ন স্থানত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটকক সহায়ৰ হাত হোটেল-হাউচবোট স্বত্বাধিকাৰীৰ ৷