নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ : ঝাৰখণ্ডৰ পাকুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ পাকুৰ জিলাৰ পাকুৰিয়া খণ্ডৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰাৱাসত বিষাক্ত খাদ্য ভক্ষণ কৰাৰ ফলত প্ৰায় 107 টা শিশু অসুস্থ হৈ পৰে ৷ ইতিমধ্যে আটাইকেইটা অসুস্থ শিশুক চিকিৎসাৰ বাবে পাকুদিয়া কমিউনিটি হেল্থ চেণ্টাৰ আৰু পশ্চিম বংগৰ ৰামপুৰহাটত ভৰ্তি কৰোৱা হৈছে ৷ সম্প্ৰতি শিশুকেইটা বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে নিশা পাকুৰিয়া খণ্ডৰ সিদ্ধো-কানহু মূৰ্মু মেম'ৰিয়েল ইংৰাজী বিদ্যালয়ৰ ছাত্ৰাৱাসত শিশুসকলক নৈশ আহাৰ প্ৰদান কৰি হৈছিল ৷ শিশুসকলে আহাৰ গ্ৰহণ কৰিবলৈ লোৱাৰ সময়তে ভাজিত এটা জেঠী ওলায় ৷ খাদ্যত জেঠী দেখি প্ৰথমে শিশুসকলে বমি কৰিবলৈ আৰম্ভ কৰে ৷ তাৰ পিচতে শিশুকেইটাৰ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটে ৷ লগে লগে বিদ্যালয় কৰ্তৃপক্ষই অসুস্থ হোৱা 107 টা শিশুৰ ভিতৰত, 65 টা শিশুক ৰামপুৰহাট সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে আন 42 টা শিশুক পাকুৰিয়াৰ কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰায় ৷
ইমানবোৰ শিশু একেলগে অসুস্থ হোৱাৰ তথ্য লাভ কৰি অসামৰিক শৈল্য চিকিৎসক ডাঃ মন্টু কুমাৰ টেক্ৰিৱাল, জিলা টীকাকৰণ বিষয়া ডাঃ এছ কে ঝা, মুখ্য কাৰ্যালয় ডিএছপি বৈদ্যনাথ প্ৰসাদ, পাকুৰিয়া আৰক্ষী থানাৰ আৰক্ষী, ব্লক বিডিঅ', চিঅ'ৰ লগতে বহুতো বিষয়াই শিশুসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ কমিউনিটি হেল্থ চেণ্টাৰত উপস্থিত হয় ৷ লগতে বিষয়াসকলে বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় পৰিচালনা কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত সোধা পোছা কৰে ৷