নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ :আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত’’ত অংশগ্ৰহণ কৰিব । এয়া প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানৰ ১০৬ সংখ্যক খণ্ড । এই মাহত মন কী বাত অনুষ্ঠানে সম্পূৰ্ণ কৰিলে ৯ বছৰ ।
এই অনুষ্ঠানটো অল ইণ্ডিয়া ৰেডিঅ’, দূৰদৰ্শনৰ লগতে ভাৰত চৰকাৰৰ সকলো ডিজিটেল প্লেটফৰ্মতে শুনা যায় । মন কী বাত অনুষ্ঠানৰ শেষ খণ্ডটো আহিছিল ২৪ ছেপ্টেম্বৰত । য’ত প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰযান, জি-২০ আৰু জাৰ্মানীৰ ২১ বছৰীয়া অন্ধ কাছমীৰ ভাৰতীয় সংগীতৰ প্ৰতি থকা প্ৰেম আৰু অন্যান্য বিষয়ৰ উল্লেখ কৰিছিল ।
২১ অক্টোবৰত মন কী বাত কাৰ্যসূচী সম্পৰ্কে তথ্য সদৰী কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ প্ৰসন্নতা প্ৰকাশ কৰিছিল । Xৰ এটা পোষ্টৰ জৰিয়তে তেওঁ কৈছিল যে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠানত বিস্তৃত গৱেষণা চলি আছে । ‘Igniting Collective Goodness’ নামৰ গ্ৰন্থখনৰ উদ্ধৃতি দি তেওঁ কয় যে মান কী বাত অনুষ্ঠানে সামাজিক পৰিৱৰ্তন অনাৰ এক মাধ্যমত পৰিণত হৈছে ।