নেশ্যনেল ডেস্ক,৩০ জুলাই :মণিপুৰৰ ঘটনাকলৈ এতিয়াও মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মণিপুৰৰ বিষয় উত্থাপন নকৰাকৈয়ে আকৌ এবাৰ দেশবাসীক মন কি বাত অনুষ্ঠান সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে । দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ১০৩ সংখ্যক মাহেকীয়া ৰেডিঅ' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে । অনুষ্ঠানত তেওঁ দেশৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে ।
তেওঁ কয় যে 'আজাদী কা অমৃত মহোৎসৱ'ৰ সময়ত নিৰ্মাণ কৰা প্ৰায় ৬০,০০০ অমৃত সৰোবৰ জল সংৰক্ষণৰ প্ৰচেষ্টা হিচাপে পৰিগণিত হৈছে । তেওঁ উল্লেখ কৰা মতে সমগ্ৰ দেশতে ৫০,০০০ৰো অধিক অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ প্ৰদেশত এদিনত ৩০ কোটি গছপুলি ৰোপণৰ কথা উল্লেখ কৰি কয় যে, ই এক অভিলেখ । শেহতীয়াকৈ মধ্যপ্ৰদেশ ভ্ৰমণৰ কথা উল্লেখ কৰি তেওঁ কয় যে, পাকাৰিয়া গাঁৱৰ জনজাতীয় বাসিন্দাসকলে প্ৰায় ১০০ টা কুঁৱাত বৰষুণৰ পানী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ১২,০০০ কোটি টকাৰ অধিক মূল্যৰ ১০ লাখ কিলোগ্ৰামৰো অধিক ড্ৰাগছ ধ্বংস কৰাটো ভাৰতৰ বাবে এক নতুন অভিলেখ । ইফালে স্বাধীনতা দিৱস উপলক্ষে ঘৰত ত্ৰিৰংগা উত্তোলন কৰি 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী আগবঢ়াই নিবলৈ ৰাইজক তেওঁ আহ্বান জনায় ।