নেশ্যনেল ডেস্ক, ১৭ আগষ্ট: উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি, আৰক্ষীৰ লাঠিৰ কোব সহ্য কৰিও হেৰুওৱা চাকৰি পুনৰ লাভ কৰাত ব্যৰ্থ হ'ল ত্ৰিপুৰাৰ ১০,৩২৩ গৰাকী শিক্ষক । ত্ৰিপুৰা উচ্চ ন্য়ায়ালয়েও তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা নাই । এতিয়া ন্যায়ালয়ে ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে, নতুনকৈ সৃষ্টি কৰা পদসমূহত নিযুক্তিৰ বাবে এই শিক্ষকসকলৰ প্ৰতি কোনো বিশেষ অনুগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰি ।
ন্যায়াধীশ অৰিন্দম লোধৰ নেতৃত্বত গঠিত বিচাৰপীঠে এনে কৰিলে ভাৰতীয় সংবিধানৰ ২২৬ নং অনুচ্ছেদ উলংঘন কৰাকে বুজাব বুলি প্ৰকাশ কৰে । চাকৰিৰ পৰা বৰ্খাস্ত হোৱা শিক্ষকসকলৰ হৈ বিজয় কৃষ্ণ সাহা, ৰাজীৱ দাস আৰু অৰুণ ভৌমিকে প্ৰত্যক্ষ নিযুক্তি বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । এই আবেদনৰ জৰিয়তে বিজয় কৃষ্ণ সাহা, ৰাজীৱ দাস আৰু অৰুণ ভৌমিকে বাছনি প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ খালী হৈ গ্ৰুপ চি আৰু ডি পদত তেওঁলোকক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিবলৈ আদালতক আহ্বান জনাইছে ।
কিন্তু আদালতে এই ধৰণৰ আহ্বান অবৈধ বুলি মন্তব্য কৰে । আদালতে কয় যে, কোনো আদালতে এনে নিৰ্দেশনা দিব নোৱাৰে আৰু ৰিট আবেদনকাৰীৰ নিযুক্তিৰ বাবে হ'লেও বাছনি প্ৰক্ৰিয়া অবিহনে ৰাজ্য চৰকাৰ অথবা কোনো কৰ্তৃপক্ষক যিকোনো ৰাজহুৱা পদত এনেদৰে নিযুক্তি দিবলৈ বাধ্য কৰিব নোৱাৰে বুলি স্পষ্টকৈ প্ৰকাশ কৰে । বৰ্তমান এয়া স্পষ্ট হৈ পৰিছে যে, উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ অনুৰোধ মানি লোৱা নাই ।