আগৰতলা,24 এপ্ৰিল:শীৰ্ষ আদালতৰ এক নিৰ্দেশৰ পাছত চাকৰি হেৰুওৱা ত্ৰিপুৰাৰ দুৰ্ভগীয়া 10,323 গৰাকী শিক্ষক পুনৰ ন্যায়ালয়ৰ কাষ চাপিছে ৷ এইবাৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদত পোনপটীয়া নিযুক্তি বিচাৰি শিক্ষকসকল ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৷
বিজয় কৃষ্ণ সাহা নামৰ এগৰাকী শিক্ষকে জানিবলৈ দিয়া মতে, ন্যায়াধীশ অৰিন্দম লোধৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে শিক্ষকসকলে উত্থাপন কৰা বিষয়সমূহ বিবেচনা কৰাৰ পাচত চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰি ৰাজ্য চৰকাৰলৈ এখন জাননী প্ৰেৰণ কৰে ৷