নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল: ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিয়ানৱালাবাগ গণহত্যা সংঘটিত হৈছিল । আজিৰ দিনটোতে ব্ৰিটিছে পঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালাবাগত নিৰস্ত্ৰ নিৰীহ নাগৰিকৰ ওপৰত গুলীচালনা কৰিছিল । শ শ লোকে প্ৰাণ হেৰুৱাইছিল আৰু শতাধিক লোক আহত হৈছিল । ১৯৫১ চনত ভাৰত চৰকাৰে জালিয়ানৱালাবাগত এই নিৰ্মম গণহত্যাৰ বলি হোৱা লোকসকললৈ শ্ৰদ্ধা জনাই এক স্মাৰক স্থাপন কৰিছিল ।
এই স্মাৰকে সংগ্ৰাম আৰু ত্যাগৰ প্ৰতীক আৰু এই স্মাৰকে প্ৰতিটো প্ৰজন্মৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলে । গণহত্যাৰ বলি হোৱা বিপ্লৱীসকলৰ সোঁৱৰণত 'য়াদ-ই-জালিয়ান' নামৰ এটা সংগ্ৰহালয় স্থাপন কৰা হৈছে । এই নিৰ্মম ঘটনাটোৱে ভাৰত-ব্ৰিটিছৰ সম্পৰ্কত এক দাগ পেলাইছিল ।
গণহত্যাৰ আঁৰৰ কাৰণ কি আছিল?
১৯১৯ চনৰ ১০ মাৰ্চত ৰাওলাট আইন (ক'লা আইন) গৃহীত হোৱাৰ পিছত, মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰাৰ লগে লগে দেশজুৰি এক অস্থিৰ পৰিস্থিতিৰ সূচনা হয় । বিপ্লৱী মনবোৰে পুনৰ চেতনা পায় । এই আইনখনে চৰকাৰক দেশদ্ৰোহৰ অধীনত যিকোনো ব্যক্তিক কাৰাগাৰত বন্দী কৰিবলৈ তেওঁৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ক্ষমতা প্ৰদান কৰে ।
একেটা বছৰৰে ৭ এপ্ৰিলত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহী নামৰ এটা প্ৰৱন্ধ প্ৰকাশ কৰিছিল ৷ য'ত ৰাওলাট আইনৰ বিৰোধিতা কৰাৰ উপায়বোৰ বৰ্ণনা কৰা হৈছিল । ব্ৰিটিছ বিষয়াসকলে এই বিষয়ে আলোচনা কৰে আৰু গান্ধীৰ লগতে আন্দোলনত অংশগ্ৰহণ কৰা আন নেতাসকলৰে মোকাবিলা কৰাৰ ৰণনীতি যুগুত কৰে । ব্ৰিটিছ প্ৰশাসনে গান্ধীক পঞ্জাৱত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে আৰু কয় যে, যদি তেওঁ নিয়ম উলংঘা কৰে তেন্তে গ্ৰেপ্তাৰ কৰা হ'ব ।
পঞ্জাৱৰ তদানীন্তন লেফটেনেণ্ট গভৰ্ণৰ ছাৰ মাইকেল অ’ডয়াৰে গান্ধীক বাৰ্মালৈ বিতাড়িত কৰাৰ পৰিকল্পনা আগবঢ়াইছিল । কিন্তু এই পৰিকল্পনা কাৰ্যকৰী কৰা হোৱা নাছিল, কিয়নো সহযোগী বিষয়াসকলে ভাবিছিল যে, এনে কাৰ্যৰ জৰিয়তে তেওঁলোকে জন সাধাৰণক বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ এক প্ৰকাৰ উৎসাহিতহে কৰিব ।