অসম

assam

ভাৰতত কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি

By

Published : Jan 13, 2021, 3:28 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ভাৰতত ১০২ জন লোক কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হৈছে । যোৱা ১১ জানুৱাৰীলৈকে ৯৬ জন লোক আক্ৰান্ত হৈছিল ।

ভাৰতত কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি
ভাৰতত কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী: ইংলেণ্ডত আৰম্ভ হোৱা কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ভাৰতত ১০২ জনলৈ বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে এই তথ্য প্ৰকাশ কৰে । প্ৰতিখন ৰাজ্যৰ চৰকাৰে নিজ নিজ ৰাজ্যৰ আক্ৰান্ত লোকসকলক চিকিৎসা সম্বন্ধীয় যাৱতীয় সা-সুবিধা প্ৰদান কৰি একো একোটা কোঠাত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে । তেওঁলোকৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ লোক, একেলগে ভ্ৰমণ কৰা লোকসকলকো কোৱাৰেণ্টাইনত ৰখা হৈছে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, আন নমুনাসমূহৰো পৰীক্ষণ চলি আছে । সমগ্ৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে । নিৰীক্ষণ, নমুনা পৰীক্ষা আৰু নমুনা আই এনএছএচিঅজিৰ গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সাৱধনতা অৱলম্বন কৰাৰ বাবে ৰাজ্যসমূহক পৰামৰ্শ আগবঢ়োৱা হৈছে । ইংলেণ্ডত আৰম্ভ হোৱা কৰ'ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ ইতিমধ্যে ডেনমাৰ্ক, নেডাৰলেণ্ড, অষ্ট্ৰেলিয়া, ইটালী, ছুইদেন, ফ্ৰান্স, স্পেইন, ছুইজাৰলেণ্ড, জাৰ্মানী, কানাডা, জাপান, লেবানন আৰু ছিংগাপুৰত আৰম্ভ হৈছে ৷

লগতে পঢ়ক:কেপিট'ল আক্ৰমণৰ অপৰাধত গ্ৰেপ্তাৰ ন্য়ায়াধীশৰ পুত্ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details