অসম

assam

ETV Bharat / bharat

100 বছৰীয়া স্বাধীনতা সংগ্ৰামীৰ ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ - 100 বছৰীয়া স্বাধীনতা সংগ্ৰামীৰ ক'ভিড-19 প্ৰতিষেধক গ্ৰহণ

বৰ্ধিত কৰ'ণা সংক্ৰমণৰ সময়তে দিল্লীত ক'ভিড-19 ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে এগৰাকী ১০০ বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে । লাজপট ৰায় যাদৱ নামৰ এই মুক্তিযুঁজাৰু গৰাকীয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ২ বছৰ কাৰাবাস খাটিছিল । প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে তেওঁ আন লোকসকলকো প্ৰতিষেধক গ্ৰহণৰ বাবে আহ্বান জনায় ।

দিল্লীত COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে এগৰাকী ১০০ বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে
দিল্লীত COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে এগৰাকী ১০০ বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে

By

Published : Apr 14, 2021, 10:40 PM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: দেশত কৰ'ণা সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰে টীকাকৰণ প্ৰক্ৰিয়াও দ্ৰুত গতিত অব্যাহত ৰাখিছে । ৪৫ বছৰৰ উৰ্ধৰ লোকসকলে প্ৰতিষেধক গ্ৰহণৰ বাবে দিল্লীৰ বিভিন্ন কেন্দ্ৰত ভিৰ কৰিছে । শেহতীয়াকৈ দিল্লীৰ কেণ্ট অঞ্চলত লাজপট ৰায় যাদৱ নামৰ এগৰাকী ১০০ বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে প্ৰতিষেধক গ্ৰহণ কৰে ।

উল্লেখ্য যে, ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ ২ বছৰ কাৰাবাস খাটিছিল । বহু বছৰ ধৰি দিল্লী কেণ্টত বাস কৰি থকা লাজপট ৰায় যাদৱে কয় যে, আজি দেশখনে পুনৰ একে উৎসাহ আৰু উদ্যমেৰে কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে । তেওঁ কয় যে, বহু বছৰ পূৰ্বে দেশবাসীয়ে স্বাধীনতাৰ বাবে যিদৰে সাহস প্ৰদৰ্শন কৰিছিল, এতিয়াও দেশবাসীয়ে তেনে সাহসেই দেখুৱাব লাগিব । তেতিয়াহে কৰ'ণা মহামাৰী নিৰ্মূল কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে । সকলোকে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবেও তেওঁ আহ্বান জনায় ।

প্ৰাক্তন কাউন্সিলৰ ৰচনা কাদিয়ানে কয় যে, ৪৫ বছৰৰ উৰ্ধৰ লোকসকলে যদি প্ৰতিষেধক গ্ৰহণ কৰে, তেন্তে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ'ব । ইফালে, দিল্লীৰ চৰকাৰী চিকিৎসালয়ত দৈনিক ৫০০ জনৰো অধিক লোকে প্ৰতিষেধক গ্ৰহণ কৰে বুলি জানিবলৈ দিছে চিকিৎসক প্ৰবীণ কুমাৰে ।

লগতে পঢ়ক:কলকাতা বিমানবন্দৰত বাধ্যতামূলক ক’ভিডৰ ৰিপ’ৰ্ট

ABOUT THE AUTHOR

...view details