নেশ্যনেল ডেস্ক , 2 ছেপ্তেম্বৰ :বিবাহ অনুষ্ঠানত খাদ্য গ্ৰহণ কৰি বিষক্ৰিয়া(food poisoning)ত ভূগিবলগীয়া হৈছে 45 টা শিশুসহ প্ৰায় 100 জন লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি, অসুস্থ হৈ পৰাৰ পাচতে আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু হাস্পতালত বিচনাৰ অভাৱৰ বাবে আক্ৰান্তসকলৰ বহুকেইজনক মজিয়াতে চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে ৷
লগতে পঢ়ক :ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট
বুধবাৰে ৰাজস্থান(Rajasthan)ৰ চুৰু(Churu) জিলাত এই ঘটনা সংঘটিত হৈছে ৷ জিলাখনৰ চৰ্দাৰ চহৰ(Sardarshahr)ত এক বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ চাৰিগৰাকীকৈ কন্যাৰ একেদিনাই বিবাহ সম্পন্ন হোৱা উপলক্ষে তেওঁলোকৰ পিতৃয়ে এক বিশাল ভোজৰ আয়োজন কৰিছিল ৷