অসম

assam

ETV Bharat / bharat

পিএম-কেয়াৰ্ছ পুঁজিৰ অধীনত 100 খন নতুন হাস্পতালত থাকিব অক্সিজেন প্ৰকল্প - PM CARES Fund

দেশজুৰি ক’ভিড-19ৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ মাজতে হাস্পতালসমূহত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ 50,000 মেট্ৰিক টন অক্সিজেন আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই ৷

oxygen plant
অক্সিজেন প্ৰকল্প

By

Published : Apr 16, 2021, 9:52 AM IST

নেশ্যনেল ডেস্ক,16 এপ্ৰিল : বৃহস্পতিবাৰে ক’ভিড-19ৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় চিকিৎসা সঁজুলি আৰু অক্সিজেনৰ সহজলভ্যতা বাবে সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰই সদৰি কৰা মতে, পিএম-কেয়াৰ্ছ পুঁজিৰ অধীনত 100 খন নতুন হাস্পতালত নিজা অক্সিজেন প্ৰকল্প থাকিব আৰু 50,000 মেট্ৰিক টন অক্সিজেন আমদানি কৰা হ’ব ।

অত্যাৱশ্যকীয় চিকিৎসা সঁজুলি আৰু অক্সিজেনৰ উপলব্ধতা পৰ্যালোচনা কৰিবলৈ বৃহস্পতিবাৰে ইজি 2 গোটৰ এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত ক্ৰমান্বয়ে আগন্তুক 20 এপ্ৰিল, 25 এপ্ৰিল আৰু 30 এপ্ৰিললৈকে 12 খন ৰাজ্যৰ বাবে 4,880 মেট্ৰিক টন, 5,619 মেট্ৰিক টন আৰু 6,593 মেট্ৰিক টন অক্সিজেনৰ যোগান ধৰা হ’ব বুলি ঘোষণা কৰা হয় ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ এক বিজ্ঞপ্তিত উল্লেখিত অনুসৰি, অক্সিজেনৰ নিৰৱচ্ছিন্ন যোগানত সহায় কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ লোৱাতো নিশ্চিত কৰিবলৈ নিৰন্তৰভাৱে চিকিৎসা অক্সিজেনৰ চাহিদা আৰু যোগানৰ পৰিস্থিতি নিৰীক্ষণ কৰিছে ইজি 2য়ে । কিয়নো ক’ভিড-19ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে অক্সিজেন অন্যতম গুৰুত্বপূৰ্ণ উপাদান ।

ৰাজ্যসমূহৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি অক্সিজেনৰ উৎস আৰু উৎপাদন ক্ষমতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ৰাজ্যসমূহ হৈছে- মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, ছত্তিশগড়, কৰ্ণাটক, কেৰালা, তামিলনাডু, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল ।

বিজ্ঞপ্তিত কোৱা হৈছে যে, স্বাস্থ্য মন্ত্ৰণালয়ে ক’ভিড-19ৰ সংক্ৰমণ বৃদ্ধি হোৱা ৰাজ্যসমূহৰ আনুমানিক চাহিদা পূৰণৰ বাবে নিৰ্দেশ জাৰি কৰিছে । চৰকাৰে পিএছএ প্ৰকল্প স্থাপনৰ বাবে দূৰৱৰ্তী স্থানত আন 100 খন হাস্পতাল চিনাক্ত কৰি ছে । পিএছএ প্ৰকল্পবোৰে অক্সিজেন উৎপাদন কৰে ৷

অক্সিজেনৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে 50,000 মেট্ৰিক টন অক্সিজেন আমদানিৰ বাবে নিবিদা প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । স্বাস্থ্য মন্ত্ৰণালয়ে এমইএৰ অভিযানৰ দ্বাৰা অক্সিজেন আমদানিৰ বাবে সাম্ভাব্য উৎসবোৰ অন্বেষণ কৰিব ।

ইতিমধ্যে মুম্বাইত অক্সিজেনৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰাখিবলৈ এখন 6 জনীয়া সমিতি গঠন কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে । মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে জিলা স্বাস্থ্য বিভাগসমূহক স্বাস্থ্য প্ৰতিষ্ঠানত বিচনা বৃদ্ধি কৰাৰ সময়ত অক্সিজেন আৰু ৰেমডিচিভিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷

লগতে পঢ়ক :ক’ভিড-19: মিজোৰামত বৰ্তমানলৈকে 12 গৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details