অসম

assam

ETV Bharat / bharat

দিল্লীত উদ্ধাৰ শতাধিক সন্ধানহীন শিশু

দিল্লীৰ আৰক্ষী আয়ুক্তই এক আঁচনিৰ জৰিয়তে চলিত বৰ্ষৰ ভিতৰত ১৪ বছৰৰ তলৰ ৫০ৰ অধিক সন্ধানহীন শিশুক উদ্ধাৰ কৰাত সহায় কৰা যিকোনো কনিষ্টবল বা হেড কনিষ্টবলক আউট-অফ প্ৰমোচন দিয়াৰ সিদ্ধান্ত লৈছে ।

100 missing children traced in 2020

By

Published : Dec 21, 2020, 11:30 AM IST

নতুন দিল্লী, ২১ ডিচেম্বৰ :দিল্লী আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী দলৰ পৰা শতাধিক ল'ৰা-ছোৱালীক উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা ল'ৰা-ছোৱালীকেইটাৰ ৮০ গৰাকীৰ বয়স ১৮ বছৰৰ তলৰ । ২০২০ চনত তেওঁলোকৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত সন্ধানহীন হোৱাৰ গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে উদ্ধাৰ হোৱা ল'ৰা-ছোৱালীকেইটাক পৰিয়ালৰ লোকক চমজাই দিয়া বুলি জানিব পৰা গৈছে । ল'ৰা-ছোৱালীকেইটাক আৰক্ষীয়ে দিল্লীৰ লগতে বিহাৰ,উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু পশ্চিমবঙ্গৰ পৰা উদ্ধাৰ কৰিছিল শিশুকেইটাক ।

দিল্লীত উদ্ধাৰ শতাধিক সন্ধানহীন ল'ৰা-ছোৱালী

দক্ষিণ দিল্লীৰ আৰক্ষী বিষয়া অতুল ঠাকুৰে শিশু কেইটা দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা সন্ধানহীন হোৱা বুলি জানিবলৈ দিয়ে । আৰক্ষীৰ এটা বিশেষ দলে দীৰ্ঘদিন ধৰি অভিযান চলাই শিশু কেইটাক উদ্ধাৰ কৰে ।

উল্লেখ্য যে,দিল্লী আৰক্ষীয়ে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰলৈকে ৩,৫০৭ গৰাকী সন্ধানহীন ল'ৰা-ছোৱালীৰ ২,৬২৯ গৰাকীক উদ্ধাৰ কৰিছে । দিল্লীৰ আৰক্ষী আয়ুক্তই এক আঁচনিৰ জৰিয়তে চলিত বৰ্ষটোৰ ভিতৰত ১৪ বছৰৰ তলৰ ৫০ৰ অধিক সন্ধানহীন শিশুক উদ্ধাৰ কৰাত সহায় কৰা যিকোনো কনিষ্টবল বা হেড কনিষ্টবলক আউট-অফ প্ৰমোচন দিয়াৰ সিদ্ধান্ত লৈছে ।

লগতে চাওকঃ গোলাঘাটৰ পাচলি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details