নেশ্য়নেল ডেস্ক, ২৫অক্টোবৰ: ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ (Gang rape at West Singhbhum of Jharkhand) চাইবাচা মফুচিল আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি চাইবাছাৰ বিমানবন্দৰৰ ওচৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ইতিমধ্য়ে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । ইপিনে,অভিযুক্তৰ সন্ধানত তালাচী চলাই থকা বুলি আৰক্ষী অধীক্ষকে সদৰী কৰিছে ।
এই ঘটনাটো বৃহস্পতিবাৰে নিশা চাইবাছাৰ পুৰণি বিমানবন্দৰৰ ওচৰত সংঘটিত হৈছিল । যেতিয়া এজন ২৬ বছৰীয়া ছফ্টৱেৰ অভিযন্তাগৰাকীয়ে প্ৰেমিকৰ সৈতে দুচকীয়া বাহন এখনত ফুৰিবলৈ গৈছিল । আঠৰ পৰা দহজনীয়া এটা দলে দুয়োকে ৰখাই প্ৰেমিকজনক প্ৰহাৰ কৰাৰ পিছত যুৱতীগৰাকীক এখন নিৰ্জন স্থানলৈ নি ধৰ্ষণ কৰে ।
যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ পিছত দলটোৱে উক্ত স্থানত এৰি পলায়ন কৰে (Software Engineer raped in Jharkhand) । দলটোৱে তেওঁৰ ৱালেট আৰু ম'বাইল ফোনটোও কাঢ়ি নিয়ে । আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এইদৰে উল্লেখ কৰে । আৰক্ষীয়ে উল্লেখ কৰা মতে, ভুক্তভোগী যুৱতীগৰাকী ঝিংকপানীৰ বাসিন্দা আৰু পেছাত এজন ছফ্টৱেৰ অভিযন্তা । বৰ্তমান ঘৰৰ পৰা তেওঁ কামকৰি আছে । তেওঁ চাইবাছাৰ মুফাচিল আৰক্ষী থানাৰ অন্তৰ্গত কামাৰহাটুৰ এটা ভাড়াঘৰত বাস কৰি কৰ্মক্ষেত্ৰলৈ অহা-যোৱা কৰে ।