অসম

assam

ETV Bharat / bharat

Stopping running train: 11 বছৰীয়া মুৰ্চেলিমৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই জীৱন ৰক্ষা পৰিল শতাধিকৰ - যাত্ৰীবাহী ৰেলখনক এক বৃহৎ দুৰ্ঘটনা

10 বছৰীয়া এটি শিশুৰ বাবে জীৱন ৰক্ষা পৰিল শতাধিক লোকৰ ৷ ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ মালদা জিলাত ৷ নিজৰ বুদ্ধিমত্তাৰে যাত্ৰীবাহী ৰেল ৰখায় ৰক্ষা কৰিলে ষতাধিকৰ যাত্ৰীৰ জীৱন ৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেই মুৰ্চেলিমক স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Stopping running train
মুৰ্চেলিম

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 2:16 PM IST

নেশ্যনেল ডেস্ক, 24 ছেপ্টেম্বৰ:কাণ্ডজ্ঞান ৷এগৰাকীপঞ্চম শ্ৰেণীৰ ছাত্ৰৰ কাণ্ডজ্ঞান আৰু সময়োচিত সিদ্ধান্তৰ বাবেইজীৱন ৰক্ষা পৰিল শতাধিক লোকৰ ৷ নিজৰ উপস্থিত বুদ্ধিৰেৰেল দুৰ্ঘটনা বিফল কৰি ছাত্ৰজনে ৰক্ষা কৰিলে বহু ৰেল যাত্ৰীৰ জীৱন ৷ যাৰ বাবে নায়কলৈ পৰিণত হ’ল ছাত্ৰগৰাকী । ছাত্ৰগৰাকীৰ নাম মুৰ্চেলিম ৷ নিজৰ বুদ্ধিমত্তাৰে যাত্ৰীবাহী ৰেলখনক এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ খবৰ বিয়পি পৰাৰ পিচতে শুকুৰবাৰৰ নিশা মুৰ্চেলিমৰ ঘৰত মানুহৰ ভিৰ বাঢ়িবলৈ ধৰে ৷ মাকে পুত্ৰক লৈ গৌৰৱ কৰে । উত্তৰ-পূব সীমান্ত ৰেলৱেই মুৰ্চেলিমক বঁটা প্ৰদান কৰিব ।

জানিব পৰা মতে, 11 বছৰীয়া মুৰ্ছেলিমৰ ঘৰ হৰিশচন্দ্ৰপুৰ দ্বিতীয় ব্লকৰ মশালদাহ গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰিয়ালি গাঁৱত । পিতৃ ইছমাইল শ্বেখ পেছাত এজন প্ৰব্ৰজিত শ্ৰমিক । মাতৃ মৰ্জিনা খাতুনৰ দুই পুত্ৰৰ আৰু এগৰাকী কন্যাৰ সৈতে তিনিটাকৈ সন্তান । শুকুৰবাৰে বিয়লি প্ৰায় 3 বজাত ভালুকা ৰোড ৰেলৱে ষ্টেচনৰ গাতে লাগি থকা জলাশয়ত মাছ মাৰিবলৈ গৈছিল মুৰ্চেলিম । তাৰ পিছতে ৰেল লাইনৰ তলত এটা ডাঙৰ গাঁত প্ৰত্যক্ষ কৰিছিল মুৰ্চেলিমে ।

পশ্চিমবংগৰ মালদা জিলাত বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে বৰষুণ দি থকাৰ ফলত ৰেল লাইনৰ তলত সৃষ্টি হৈছিল এটা শিলৰ গাঁত । ইফালে শিয়ালদাহ-শিলচৰ মুখী কাঞ্চনজংঘা এক্সপ্ৰেছখন সেই লাইনত পূৰ্ণ গতিৰে চলি থকা দেখি মুৰচেলিমে ৰঙা টি-চাৰ্টটো খৰখেদাকৈ খুলি ৰেলখনৰ মুখত জোঁকাৰি দিলে ৷ ৰে’লখনৰ গাৰ্ডে সেয়া প্ৰত্যক্ষ কৰি ৰেলখন ৰখাই দিলে । ইঞ্জিনৰ পৰা নামি গাৰ্ডজনে গাঁতটো পৰীক্ষা কৰিলে আৰু মুৰ্চেলিমৰ পিঠিত থপৰিয়াই দিলে । তেনেকৈয়ে মুৰ্চেলিমে বহু যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে ।

পৰৱৰ্তী সময়ত ৰেল কৰ্মীসকলে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় । বিপদজনক গাঁতটো ঠিক কৰি ডেৰ ঘণ্টা মান পিছত শিলচৰলৈ ৰাওনা হয় ৰেলখন । এই খবৰ বিয়পি পৰাৰ পিচতে 11 বছৰীয়া মুৰ্চেলিমম অঞ্চলটোৰ নায়ক হৈ পৰে । এন এফ ৰেলৰ মুখ্য জনসংযোগ বিষয়া সব্যসাচী দে’ই কয়, "কাণ্ডটো আমাৰ দৃষ্টিগোচৰ হৈছে । আমি ল'ৰাটোক পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছো । পুৰস্কাৰটো অতি সোনকালে তেওঁক প্ৰদান কৰা হ'ব ।"

লগতে পঢ়ক:Vande Bharat Express : আজি দেশৰ 11 খনকৈ ৰাজ্যত সংযোজন ঘটিব 9 খনকৈ বন্দে ভাৰত এক্সপ্ৰেছৰ

ABOUT THE AUTHOR

...view details